শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

শিৱসাগৰ জিলা দবা সন্থাৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত ২০ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দবা প্ৰতিযোগিতা আজি সন্ধিয়া সফলভাৱে সামৰণি পৰে৷

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা দবা সন্থাৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত ২০ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দবা প্ৰতিযোগিতা আজি সন্ধিয়া সফলভাৱে সামৰণি পৰে৷ অনুৰ্দ্ধ পোন্ধৰ বছৰ ল'ৰাৰ শাখাত সমুজ্জ্বল বৰুৱাই ছাৰে পাঁচ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে। 

Advertisment

পাঁচ পইণ্ট লাভ কৰি দ্বিতীয় স্থান দখল কৰে অৰ্চিত অসমীয়াই। ছাৰে চাৰি পইণ্ট লাভ কৰি তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে আদিত্য কিৰণ বৰগোহাঁই আৰু নিকুঞ্জ মাধৱ কোঁৱৰে। ছোৱালীৰ আৰহানা বৰঠাকুৰে ছাৰে চাৰি পইণ্টেৰে প্ৰথম স্থান দখল কৰে। দ্বিতীয় ঋতুস্মৃতা বিশ্বাস, তৃতীয় সৰ্মিষ্ঠা বাগিশ আৰু চতুৰ্থ ফাউজীয়া ফাহিমা ৰহমান। 

শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

অনুৰ্দ্ধ এঘাৰ বছৰ ল'ৰাৰ শাখাত প্ৰথম আৰ্য্যমান ফুকন, দ্বিতীয় দৰ্শিত শৰ্মা, তৃতীয় স্বৰ্ণভ ভাস্কৰ কলিতা আৰু চতুৰ্থ হৰ্ষিত ৰঞ্জন চুতীয়া। ছোৱালীৰ প্ৰথম প্ৰাচী মাহেলা, দ্বিতীয় দিবাংগনা বৰা, তৃতীয় অনুস্মৃতা বৰা আৰু চতুৰ্থ নিধি প্ৰজ্ঞা ফুকন।  

অনুৰ্দ্ধ ন' বছৰৰ ল'ৰাৰ শাখাত প্ৰথম ৰিষভ বিশ্বাস দ্বিতীয় প্ৰণিথ শৰ্মা,  তৃতীয় প্ৰিয়ানুজ জ্যোতি বৰুৱা আৰু চতুৰ্থ ছিয়নি ছিমন বৰা ঠেঙাল। ছোৱালীৰ প্ৰথম জিভীকা চুনাৰ আৰু দ্বিতীয় ধ্ৰুহী ভাংগাৰ। 

অনুৰ্দ্ধ সাত বছৰ শাখাত প্ৰথম অধৃত চুতীয়া, দ্বিতীয় শাশ্বত নন্দন, তৃতীয় আৰ্য্যমান দুৱৰা আৰু অদ্ৰৃত ইভান ভূঞা। ছোৱালীৰ প্ৰথম অলিম্পিয়া গগৈ আৰু দ্বিতীয় শিৱাংশী নিশাদ। 

শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

উল্লেখ্য যে শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ, নিতাইপুখুৰী, শিৱসাগৰ টাউন,  গৌৰীসাগৰ,  নাজিৰা,  শিমলুগুৰি আদি ঠাইৰ পৰা অহা ১১২ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে  উদ্বোধন কৰে এনামউদ্দিন আহমেদে৷ এনামউদ্দিন আহমেদে এই দবা খেলে ছাত্ৰ, ছাত্ৰী বুদ্ধিমত্তা বৃদ্ধি কৰাৰ সমান্তৰালকৈ মনোযোগ বৃদ্ধিত সহায় কৰে বুলি মন্তব্য কৰে৷ 

শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

আত্মবিশ্বাস বৃদ্ধিটো এই খেলে সহায় কৰে বুলি মন্তব্য কৰে৷ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মাৰ সভাপতিত্বত আৰু সম্পাদক ৰাজু গগৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰীয় আৰ্বিটাৰ হিৰণ্য কুমাৰ গগৈ, ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, হেমন্ত গগৈ,  ৰুবুল আলী,  শিৱসাগৰ চেছ একাডেমীৰ সম্পাদক জাকিৰ আলী উপস্থিত থাকে।  প্ৰতিযোগিতাৰ আৰ্বিটাৰৰ দায়িত্ব পালন কৰে ফিডে আৰ্বিটাৰ স্বৰাজ বুঢ়াগোহাঁই, সহযোগ কৰে হিৰণ্য কুমাৰ গগৈ আৰু প্ৰিয়াংশু শইকীয়াই। 

শিৱসাগৰ জিলা বাছনি দবাত সমুজ্জ্বল বৰুৱা, আৰহনা বৰঠাকুৰ চেম্পিয়ন...

আজি  শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত বঁটাসমূহ বিতৰণ কৰে শিৱসাগৰ জিলা দবা সন্থাৰ প্ৰাক্তন সভাপতি ড০ ত্ৰিদিৱ মহন্ত, উপ সভাপতি নৃপেন্দ্ৰ কুমাৰ শৰ্মা, ড০ বসন্ত সন্দিকৈ, হিৰণ্য কুমাৰ গগৈ, সংবাদসেৱী প্ৰাঞ্জল মহন্ত, হিন্দু জ্যোতি গগৈ, প্ৰজ্ঞান ফুকন, স্বৰাজ বুঢ়াগোহাঁই, ৰাজু গগৈ, মণ্টু বৰুৱা, জাকিৰ আলী আদি বিশিষ্ট ব্যক্তিসকলে।

দবা প্ৰতিযোগিতা