/asomiyapratidin/media/media_files/2024/11/13/j1VsYoYPKENjHD4JLFWP.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা অশান্তজৰ্জৰ এক পৰিৱেশে সূচনা কৰা চামগুৰিত ভোটগ্ৰহণৰ দিনাও নানান বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। পুৱা ভাগতে এগৰাকী মহিলা ভোটকেন্দ্ৰত আহত হৈ সংকটজনক অৱস্থাত নগাওঁ মেডিকেল কলেজত ভৰ্তি হোৱাৰ পাছতে।
চামগুৰিৰ শ’লমাৰীৰ ৫৯, ৮৯ আৰু ৯০নং ভোটকেন্দ্ৰতো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, ৫৯নং ভোটকেন্দ্ৰত বিজেপিৰ ৰছিদুল নামৰ এগৰাকী কৰ্মীয়ে দুই কংগ্ৰেছ কৰ্মীক প্ৰহাৰৰ অভিযোগ উঠিছে। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিৱেশ।
আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে যদিও বৰ্তমান ভোটকেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। আনফালে সমষ্টিটোৰ শ'লমাৰীৰ ৮৯ আৰু ৯০ ভোট কেন্দ্ৰতো একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us