Advertisment

চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত সাংবাদিক আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী এজেন্ট সকলৰ সৈতে আলোচনাত মিলিত হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁও:  আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত ২৩ নৱেম্বৰত হবলগা চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত সাংবাদিক আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী এজেন্ট সকলৰ সৈতে আলোচনাত মিলিত হয়। 

Advertisment

উক্ত সভাত প্ৰাৰ্থীৰ নিৰ্বাচনী এজেন্ট আৰু সাংবাদিক সকলে মানি চলিব লগীয়া নীতি নিয়ম সমূহৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয়। ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা জিলা আয়ুক্ত কাৰ্য্যালয়ৰ দ্বিতীয় মহলাৰ ৫১ নং ৰুমত ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত পুৱা ৮-০০ বজাত আৰম্ভ কৰা হব।

৫২ নং ৰুমত সহকাৰী ৰিটাৰ্ণিং বিষয়া পংকজ নাগবংশীৰ তত্বাৱধানত পুৱা ৭-৩০ বজাত পোষ্টেল বেলট আৰু ETPBs গণনা কৰা হব। ভোটগণনা কক্ষত ১৪ খনকৈ মেজ (টেবুল) থাকিব আৰু ১৫ টা ৰাউণ্ডত ভোটগণনা কৰা হব। ইয়াৰোপৰি ৫২ নং ৰুমত পোষ্টেল বেলটৰ গণনা ১ খন মেজ(টেবুল) আৰু ETPBs ৰ গণনা ১ খন মেজ(টেবুল)ত কৰা হব।

যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱা ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত ৭৭.৫৫% ভোটদান হৈছিল, তাৰে ৬৯৪০৯ গৰাকী পুৰুষ ভোটাৰ, ৭৩১৬৩ গৰাকী মহিলা ভোটাৰ, সৰ্বমুঠ ১৪২৫৭২ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নির্বাচনত মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

এইবাৰৰ উপ নিৰ্বাচনত সমষ্টিটোৰ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰৰ উৰ্ধৰ ব্যক্তিৰ বাবে ঘৰে ঘৰে গৈ পোষ্টেল বেলটৰ জৰিয়তে ২২৮ টা ভোট সংগ্ৰহ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা সমষ্টিটোৰ ২৬৭ গৰাকী আবেদনকাৰী ভোটাৰলৈ পোষ্টেল বেলটৰ যোগান ধৰা হৈছে। ভোটগণনাৰ প্ৰতিখন মেজ(টেবুল)ৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ একোজন ভোটগণনা এজেন্ট থাকিব।

 ভোটগণনাৰ বাবে কাউন্টিং পাৰ্চনেল ৪২গৰাকী,মাইক্ৰ অৱজাভাৰ ১৯ গৰাকী, Sealing personnel ৮ গৰাকীক নিয়োগ কৰা হৈছে । সাংবাদিক সকলে মোবাইল ফোনৰ লগতে অন্যান্য মিডিয়াৰ লাগতিয়াল সামগ্ৰী কেৱল মিডিয়া কোষলৈহে নিব পাৰিব।ভোট গণনা কেন্দ্ৰলৈ কোনেও মোবাইল ফোন নিব নোৱাৰিব । প্ৰাৰ্থীৰ নিৰ্বাচনী এজেন্ট সকল পুৱা ৬-৩০ বজাত ভোটগণনা কক্ষত প্ৰৱেশ কৰিব লাগিব। তেখেত সকলেও ভোটগণনা কক্ষলৈ মোবাইল ফোন নিব নোৱাৰিব।

আয়ুক্ত গৰাকীয়ে সভাত অৱগত কৰে যে, ভোট গণনাৰ দিনা সমগ্র ভোটগণনা কেন্দ্ৰৰ এলেকাৰ লগতে সমষ্টিটোৰ স্পৰ্শকাতৰ এলেকা সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। জিলাখনত ভোটগণনা প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ বাবে জিলা আয়ুক্ত গৰাকীয়ে সকলোৰে সহযোগিতা কামনা কৰে ।

আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া গুণজিৎ কাশ্যপ, জিলা আৰক্ষী অধীক্ষক  স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ কলিতা, নিৰ্বাচনী বিষয়া শেখৰণ ফুকনকে প্ৰমুখ্য কৰি জিলাখনৰ সাংবাদিক সকল আৰু প্ৰাৰ্থী সকলৰ নিৰ্বাচনী এজেন্ট সকল উপস্থিত থাকে।

চামগুৰি চামগুৰি উপ নিৰ্বাচন