Advertisment

চামগুৰিত চোকা অস্ত্ৰ লৈ বিদ্যালয়ত প্ৰৱেশ শিক্ষয়িত্ৰী...

চামগুৰিত বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃশিক্ষয়িত্ৰী ৰিতুমনি বৰাৰ এনে কাৰ্য্যত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে আতংকত ভুগিছে বিদ্যালয় খনৰ অন্য শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
t

ডিজিটেল সংবাদ,চামগুৰিঃ চামগুৰিত চোকা অস্ত্ৰ লৈ বিদ্যালয়ত আতংকৰ সৃষ্টি কৰিছে শিক্ষয়িত্ৰীয়ে।
চামগুৰিৰ বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃশিক্ষয়িত্ৰী ৰিতুমনি বৰাই বিগত কেইবাবছৰ ধৰি বিনষ্ট কৰিছে বিদ্যালয়খনৰ পৰিৱেশ।

Advertisment

হাতত চোকা অস্ত্ৰলৈ বিদ্যালয়ত প্ৰৱেশ কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে আন সহ শিক্ষয়িত্ৰী সকলক ভয়-ভাবুকি প্ৰদান কৰে শিক্ষয়িত্ৰী ৰিতুমনি বৰাই। ফোনযোগেও বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলক অশালীন মন্তব্যৰে গালি-গালাজ কৰাৰ লগতে ভাবুকি দিয়ে শিক্ষয়িত্ৰী বৰাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকো অশালীন মন্তব্য কৰে শিক্ষয়িত্ৰী গৰাকীয়ে।

শিক্ষয়িত্ৰী ৰিতুমনি বৰাৰ এনে কাৰ্য্যত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে আতংকত ভুগিছে বিদ্যালয় খনৰ অন্য শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী। শিক্ষয়ত্ৰী ৰিতুমনি বৰা মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱাৰ বাবেই বিদ্যালয় খনত এনেধৰনৰ ভয়-ভাবুকিৰ,আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ।

এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলে বাৰম্বাৰ জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে।

চামগুৰি