শিল্পী দিৱসত সঞ্জীৱ বৰাক সমন্বয় বঁটা প্ৰদান

শিৱসাগৰত সাংস্কৃতিক মহাসভা অসমে উদযাপন কৰা ২১ সংখ্যক কেন্দ্ৰীয় শিল্পী দিৱসত ৰূপকোঁৱৰ  জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণী সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান কৰা হয় সঞ্জীৱ বৰাক ৷

author-image
Asomiya Pratidin
New Update
648

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত সাংস্কৃতিক মহাসভা অসমে উদযাপন কৰা ২১ সংখ্যক কেন্দ্ৰীয় শিল্পী দিৱসত ৰূপকোঁৱৰ  জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণী সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান কৰা হয় সঞ্জীৱ বৰাক ৷ সঞ্জীৱ বৰা বিশিষ্ট নাট্যকৰ্মী, নাট্যকাৰ, পৰিচালক, অভিনেতা, অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ৷

বৰ্তমান অসম নাট্য সন্মিলনৰ সৌমাৰপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি তথা শিৱসাগৰ পৌৰসভাৰ উপ পৌৰপতি  সঞ্জীৱ বৰা।
বঁটা প্ৰদান কৰে মহাসভাৰ হৈ বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ আৰু ত্ৰৈলোক্য দত্তই ৷

শিল্পী দিৱস