/asomiyapratidin/media/media_files/2025/02/09/3MG5vyvJbXRIUxFPu37v.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ বঢ়মপুৰৰ উন্নয়ন খণ্ডৰ সমীপত থকা সামাজিক বনানীকৰণৰ এজোপা পুৰণি বৃহৎ চেচু গছ কাটিলে দুষ্ট চক্ৰই। পুৱাতে গছ জোপা কাটি চেক্সন কৰি থকা অৱস্থাত স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে।
নগাঁও বন বিভাগৰ এটা দল ঘটনাস্থলীত আহি পোৱাৰ খবৰ পাই দুষ্ট চক্ৰটো সেই স্থান এৰি পলাই যাবলৈ সক্ষম হয়। নগাঁও বন বিভাগে মূল্যবান গছজোপাৰ কুণ্ডা কেইটা জিলা কাৰ্য্যালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। গছজোপাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us