/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e6384198-ec68-4f74-b687-987445d09241/yoga__AP_FOR_WEB.png)
ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্দিৰৰ সমীপৰ বেদ বিদ্যাপীঠ গুৰুকুলৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিতৌ যোগাভ্যাস কৰাৰ দৰে আজিৰ এই বিশেষ দিনটোত ৰাজপথৰ ওপৰতে যোগাভ্যাস কৰা পৰিলক্ষিত হয়।
ৰাইজক যোগৰ প্ৰতি সজাগ কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিবৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ সন্মুখৰ পথছোৱাত কৰা যোগাভ্যাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
নগাঁৱৰ সমান্তৰালকৈ কাজিৰঙাতো যোগ দিৱস অনুষ্ঠিত কৰে। কাজিৰঙাৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনত প্ৰতি বছৰৰ দৰে এইবছৰো ছাত্ৰ-ছাত্ৰী সকলে যোগ কৰা পৰিলক্ষিত হয় ৷ যোগাসনে একোজন মানুহক শাৰিৰীক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলে ৷
Also Read: নগাঁৱত অন্ধ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ সৈতে এখন্তেক মন্ত্ৰী-সাংসদ-বিধায়কৰ...