/asomiyapratidin/media/media_files/2025/02/12/X4gtCgY0mKUv44jAfpUG.jpg)
ডিজিটেল সংবাদ,নগাঁও: পুৰণিগুদাম তেলিয়াগাঁৱৰ এগৰাকী কনমানি। কনমানি গৰাকীৰ নাম পৰিণীতা বৰা। পৰিণীতা বৰাই পোন প্ৰথমবাৰৰ বাবে সৰ্ব ভাৰতীয় পৰ্য্যায়ত উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা সত্রীয়া নৃত্যৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰে।
লগতে আধুনিক নৃত্যৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু নাটকত "শ্ৰেষ্ঠ অভিনেত্ৰী"ৰ বঁটা লাভ কৰি সমগ্ৰ অসমৰ লগতে পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। পৰিণীতা পুৰণিগুদাম তেলিয়াগাঁৱৰ মিঠু প্ৰতীম বৰা আৰু বাসন্তী দেৱনাথৰ কন্যা।
চামগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেঞ্চ একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী পৰিণীতা বৰাই পোন প্ৰথমবাৰৰ বহিঃৰাজ্যত তিনিটা বিভিন্ন শিতানত বঁটা লাভ কৰা সফলতাত গৌৰাম্বিত পিতৃ-মাতৃৰ লগতে অঞ্চলৰ ৰাইজ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us