শালমৰা হাইস্কুলত ধৰ্মানন্দ গোস্বামী-স্মৃতিৰেখা মেধি শৈক্ষিক বঁটা প্ৰদান...

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ  শিক্ষা সাংস্কৃতিক আৰু ক্ৰীড়াৰ সংগমস্থলী ডিমৌ চাৰিআলি স্থিত ঐতিহ্যমণ্ডিত শালমৰা হাইস্কুলত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী

author-image
Asomiya Pratidin
New Update
uyyydd

ডিজিটেল সংবাদ, বেবেজীয়াঃ  নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ  শিক্ষা সাংস্কৃতিক আৰু ক্ৰীড়াৰ সংগমস্থলী ডিমৌ চাৰিআলি স্থিত ঐতিহ্যমণ্ডিত শালমৰা হাইস্কুলত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী সকলৰ লগতে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰি ধৰ্মানন্দ গোস্বামী-স্মৃতিৰেখা মেধি শৈক্ষিক বঁটা প্ৰদান কৰা হয় ।

Advertisment

সেই উপলক্ষে আয়োজিত সম্বৰ্ধনা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ইৰালতা মেধিয়ে । বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন মুক্তিয়াৰে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ বাটত আধ্যাত্মিক আৰু নৈতিক শিক্ষা অতি প্ৰয়োজনীয় । কাৰণ আধ্যাত্মিক আৰু নৈতিক শিক্ষাইহে শিক্ষাৰ উত্তৰণত সহায় কৰে ।

সভাত আন এজন বিশিষ্ট অতিথি  অসম আন্দোলনৰ সংগ্ৰামী নেতা তথা শিল্পী দেৱ কুমাৰ বৰাই কয় যে,  ছাত্র-ছাত্ৰী সকলক নিয়মানুবৰ্তিতা বজাই ৰাখিবলৈ আহ্বান জনায় । লগতে বৰাই কয় যে ডাক্তৰ-ইঞ্জিনীয়াৰ হোৱাতকৈ সমাজত ভাল মানূহ হিচাপে প্ৰতিষ্ঠা লাভ কৰাটোহে মূল কথা ।

সভাত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক স্যামন্ত দাস আৰু সমাজকৰ্মী ললিত ডেকাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সাৱলীল ভাষণ প্ৰদান কৰে । বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামী, প্ৰাক্তন ছাত্ৰ-নেতা পংকজ দাস  আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সুজিত কুমাৰ বৰদলৈয়ে আঁতধৰা সভাখনিত বিদ্যালয়ৰ মুঠ ৪৫ জন কৃতীমানক গ্ৰন্থ, গামোছা, কলম আৰু একোটিকৈ ফাইল কভাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে  ধৰ্মানন্দ গোস্বামী আৰু প্ৰাক্তন ছাত্ৰী স্মৃতিৰেখা মেধিৰ সোঁৱৰণত ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান কৃতী ছাত্ৰ বৈভৱ বিকাশ শইকীয়ালৈ আগবঢ়োৱা হয় । উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ সভাতে বিদ্যালয়ৰ ফলাফলত অৰিহণা আগবঢ়োৱা  শিক্ষাগুৰু সকললৈকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে  সভাখনিত বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামী, শিল্পী পেঞ্চনাৰ পৰাণ দাস ,জামুগুৰি-কুজীডাঁহ  পঞ্চায়তৰ কাউন্সিলৰ কৌস্তভ বৰা, কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন বৰা, বৰ্ষীয়ান ব্যক্তি কেশৱ ৰাজা, প্ৰফুল্ল বৰা , জীতেন দাস , পৰমানন্দ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অমিয়া ডেকা, প্ৰাক্তন শিক্ষয়িত্ৰী জিনু  দাস ৰাজখোৱা,  ববিতা মেধিকে ধৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বৃন্দ, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সদস্য-সদস্যা সকল, অভিভাৱক সকল উপস্থিত থাকে ।

কামপুৰ