বুকাৰ অফ বুকাৰ্ছ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক ছুৰীৰে আক্ৰমণ…

বুকাৰ অফ বুকাৰ্ছ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক ছুৰীৰে আক্ৰমণ…

author-image
asomiyapratidin
New Update
বুকাৰ অফ বুকাৰ্ছ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক ছুৰীৰে আক্ৰমণ…

ডিজিটেল ডেস্ক : বুকাৰ অৱ বুকাৰ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক আমেৰিকাৰ পশ্চিম নিউয়ৰ্কত মঞ্চত ভাষণ প্ৰদান কৰি থকাৰ সময়তে ছুৰীৰে আক্ৰমণ কৰা হয়। বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীৰ বিভিন্ন লিখনিৰ বাবে তেওঁক সমালোচনা কৰি অহা হৈছে। 'দা ছাটানিক ভাৰ্ছেছ' (The Satanic Verses) নামৰ গ্ৰন্থখনৰ পৰাই বিতৰ্কত সোমাই পৰিছিল আৰু ইছলামিক সমাজত প্ৰভাৱ পেলোৱাৰ বাবেই ইছলামিক সমাজৰ ৰোষত পৰিছিল লেখকগৰাকী।

Advertisment

উল্লেখ্য যে বিভিন্ন সময়ত বিভিন্ন জনৰ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছিল ৰুশ্বডী। ৰুশ্বডীক যিয়ে হত্যা কৰিব তেওঁক ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছিল এসময়ত। উল্লেখ্য যে নিউয়ৰ্কৰ চৌটাকুৱা কাউণ্টী ইনষ্টিটিউশ্যনত ভাষণ দিবলৈ লওঁতেই মঞ্চলৈ উঠি গৈ এজন লোকে ৰুশ্বডীক ছুৰীৰে আক্ৰমণ কৰে। উপস্থিত লোকসকলে মঞ্চলৈ উঠি গৈ ৰুশ্বডীক ৰক্ষা কৰে। ৰুশ্বড আক্ৰমণকাৰী লোকজনক আটক কৰা হৈছে।

salman rushdie writer america