/asomiyapratidin/media/media_files/2025/04/16/v9CKQ5arpzgDfWqk4P58.jpg)
ডিজিটেল ডেস্ক : দেশৰ অট’মোবাইল খণ্ডই চলিত বিত্তীয় বৰ্ষত সফলতাৰ মুখ দেখিছে। চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া আৰু তিনিচকীয়া বাহন বিক্ৰীৰ ক্ষেত্ৰতো দেশৰ অট’মোবাইল খণ্ডই যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ভাৰতৰ অটো উদ্যোগত ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে ঘৰুৱা বিক্ৰী ৭.৩% বৃদ্ধি পাইছে। য’ত যাত্ৰীবাহী বাহন ২০২৫ বিত্তীয় বৰ্ষত এতিয়ালৈকে সৰ্বাধিক বিক্ৰী হৈছে বুলি ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছে প্ৰকাশ কৰিছে।
আনহাতে ৰপ্তানিৰ ক্ষেত্ৰত অট’মোবাইল খণ্ডৰ বৃদ্ধিৰ হাৰ ১৯.২%। ভাৰতত নিৰ্মাণ কৰা বাহনসমূহ লেটিন আমেৰিকা, আফ্ৰিকাৰ উপৰি বহুকেইখন উন্নত দেশলৈ ৰপ্তানি কৰা হৈছে। এই দেশসমূহৰ বজাৰত ভাৰতত নিৰ্মিত বাহনে চাহিদা লাভ কৰিছে।
চলিত বিত্তীয় বৰ্ষত বাহন বিক্ৰীৰ সংখ্যা ক্ৰমে -
১.যাত্ৰীবাহী বাহন: ৩,৮১,৩৫৮ ইউনিট (৩.৬% বৃদ্ধি)।
২.দুচকীয়া বাহন: ১৬,৫৬,৯৩৯ ইউনিট (১১.৪% বৃদ্ধি)।
৩.তিনি চকীয়া বাহন: ৬২,৮১৩ ইউনিট (১০.৫%)।