/asomiyapratidin/media/media_files/2025/04/16/K19kcEwYDH3McGxWELX8.jpg)
ডিজিটেল ডেস্ক : যাত্ৰীবাহী বাহন বিক্ৰীৰ ক্ষেত্ৰত চলিত ২০২৪-২০২৫ বিত্তীয় বৰ্ষটো সন্তোষজনক বৰ্ষ হিচাপে পৰিগণিত হৈছে। কিয়নো ২০২৫ বৰ্ষত গাড়ী নিৰ্মাতা বিভিন্ন প্ৰতিষ্ঠানে লাভৰ মুখ দেখাৰ উপৰি গাড়ী বিক্ৰীৰে অভিলেখ স্থাপন কৰিছে।
তাৰোপৰি বিশ্বৰ ভিন্ন দেশলৈ গাড়ী ৰপ্তানি কৰাৰ ক্ষেত্ৰতো ভাৰতে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, উদ্যোগ সংস্থা ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ চমুকৈ ছিয়ামৰ তথ্য অনুসৰি, পিভি ছেগমেণ্টে ২০২৫ বিত্তীয় বৰ্ষত ৪৩,০১,৮৪৮ ইউনিটত বাৰ্ষিক ঘৰুৱা পৰিমাণৰ সৰ্বোচ্চ পৰিমাণ লাভ কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ ১.৯৭% বৃদ্ধি লাভ হৈছে।
চলিত বিত্তীয় বৰ্ষত শীৰ্ষ ৫ টা গাড়ী নিৰ্মাতা কোম্পানী বিক্ৰী কৰা যাত্ৰীবাহী বাহনৰ সংখ্যা ক্ৰমে-
• মাৰুতি চুজুকি ইণ্ডিয়া - ১৭,৬০,৭৬৭ ইউনিট।
• হুণ্ডাই মটৰ ইণ্ডিয়া - ৫,৯৮,৬৬৬ ইউনিট।
• টাটা মটৰ্ছ - ৫,৬৯,২৪৫ ইউনিট।
• মহিন্দ্ৰা আৰু মহিন্দ্ৰা - ৫,৫১,৪৮৭ ইউনিট।
• টয়োটা কিৰ্লোস্কাৰ মটৰ - ৩,০৯,২৩০ ইউনিট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us