জানুৱাৰী মাহত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ বিক্ৰী…

ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েশ্যনৰ তথ্যত প্ৰকাশ পাইছে বৈদ্যুতিক বাহনৰ আশাব্যঞ্জক খবৰ। সংস্থাটোৰ অনুসৰি জানুৱাৰী মাহত দেশত ইলেক্ট্ৰিক বাহন চমুকৈ ইভিৰ বিক্ৰী বৃদ্ধি হৈছে।

author-image
Asomiya Pratidin
New Update
জানুৱাৰী মাহত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ বিক্ৰী

জানুৱাৰী মাহত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ বিক্ৰী

ডিজিটেল ডেস্ক : ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েশ্যনৰ তথ্যত প্ৰকাশ পাইছে বৈদ্যুতিক বাহনৰ আশাব্যঞ্জক খবৰ। সংস্থাটোৰ অনুসৰি জানুৱাৰী মাহত দেশত ইলেক্ট্ৰিক বাহন চমুকৈ ইভিৰ বিক্ৰী বৃদ্ধি হৈছে।  মাহে- মাহে, দোপে- দোপে উৰ্ধমুখী যাত্ৰা অৱ্যাহত ৰাখিছে বৈদ্যুতিক বাহন বিক্ৰীৰ পৰিসংখ্যাই। চলিত বৰ্ষৰ জানুৱাৰীত এই বৃদ্ধিয়ে ১৬৯,৯৩১ ইউনিটৰ স্পৰ্শ কৰিছে।

Advertisment

জানুৱাৰীত যাত্ৰীবাহী বাহন, দুচকীয়া, বাণিজ্যিক বাহন আৰু তিনিচকীয়া বাহন বিক্ৰীয়ে এক সন্তোষজনক স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যাত্ৰীবাহী বাহন বিক্ৰীৰ ইউনিট হৈছে ১১,২৬৬। একেদৰে দুচকীয়া আৰু বাণিজ্যিক বাহনৰ ইউনিট হৈছে- ৯৭,৭৩৪ আৰু ৯৭২। আনহাতে তিনিচকীয়া বাহনৰ ইউনিট হৈছে ৫৯,৯৫৯।
 

উল্লেখযোগ্য যে বিগত বৰ্ষৰ তুলনাত এইসমূহ বাহনৰ বিক্ৰীৰ হাৰ দ্ৰুতহাৰত বৃদ্ধি হৈছে।  দুচকীয়া বাহনৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত সৰ্বাধিক ২৪,৩৩৬ ইউনিট বিক্ৰী হৈছে অলা ইলেক্ট্ৰিক। য’ত ৭৬.৭ শতাংশ এম অ’ এম বৃদ্ধি পাইছে। একেদৰে টিভিএছ মটৰ আৰু বাজাজ অটোৰ বিক্ৰীৰ হাৰ ৫৫ শতাংশ বৃদ্ধি হৈ ৯৫.৬ শতাংশ স্পৰ্শ কৰিছে।


ইয়াৰ উপৰি যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত টাটা মটৰ্ছ, এম জি মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা আৰু হুণ্ডাই মটৰৰ মাহেকীয়া বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে যোৱা বছৰৰ একে সময়ৰ তুলনাত টাটা মটৰ্ছ আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰৰ বিক্ৰী হ্ৰাস পাইছিল। 


এই সন্দৰ্ভত ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েশ্যনৰ মুৰব্বী চি এছ বিগনেশ্বৰে কয়-  “বৈদ্যুতিক বাহনৰ খুচুৰা বিক্ৰীয়ে জানুৱাৰী মাহত নিজৰ শক্তিশালী ট্ৰেজেক্টৰী অব্যাহত ৰাখিছিল। যিয়ে গ্ৰাহকৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতা আৰু স্বচ্ছ গতিশীলতাৰ প্ৰতি শক্তিশালী মূল সঁজুলি নিৰ্মাতা (অ’ইএম)ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল। লগতে তেওঁ কয়- ইভি বজাৰখন ৪৩ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰত (চিপিজিআৰ) বৃদ্ধি পাই ২০৩০ চনৰ ভিতৰত ৯ লাখ ৩২ হাজাৰ ইউনিট হ’ব বুলি আশা কৰা হৈছে ৷ 

ইফালে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আশা ব্যক্তি কৰি কয় যে, স্থানীয় বজাৰত ইভিৰ বিক্ৰী এক কোটি ইউনিটলৈ বৃদ্ধি পাব। যাৰ ফলত ৫০ লাখ লোকৰ বাবে চাকৰিৰ সৃষ্টি হ’ব।

nitin gadkiri Electric Vehicle