/asomiyapratidin/media/media_files/2025/01/24/c89GA2CbKKiN12B2OxXI.png)
মধ্যপ্ৰদেশৰ ধৰ্মীয় স্থানত নিষিদ্ধ হ’ব সুৰা বিক্ৰী
ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে অতি শেহতীয়াকৈ গ্ৰহণ কৰিছে এক পদক্ষেপ। ৰাজ্যখনৰ ১৭টা ধৰ্মীয় তথা উপাসনা স্থানত নিষিদ্ধ কৰিব সুৰা বিক্ৰী। বৃহস্পতিবাৰে নৰসিংগড় জিলাৰ এখন ৰাজহুৱা সভাত অংশ লৈ এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যাদৱে।
তেওঁ লগতে কয় যে ভগৱান ৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ মঠ- মন্দিৰ থকা স্থানসমূহত সুৰা সেৱন আৰু সুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ কেতবোৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ অতি শীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব। অৱশ্যে তাৰ বাবে ভক্ত তথা ৰাইজৰ সহযোগিতা লাগিব।
উল্লেখযোগ্য যে ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা ৰক্ষা কৰা আৰু ৰাজ্যখনৰ উঠি অহা যুৱক- যুৱতীসকলৰ সু- স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিয়নো ৰাজ্যখনত ব্যাপক হাৰত বৃদ্ধি হৈছে সুৰা সেৱন কৰা যুৱক- যুৱতীৰ সংখ্যা। যিয়ে অদূৰ ভৱিষ্যতে অশনি সংকেত বহন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ইফালে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ গ্ৰহণৰ কথা অৱগত হোৱাৰ পাছত ৰাজ্যখনৰ বিভিন্ন মহলে ইয়াক আদৰণি জনাইছে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপৰ শলাগ লৈছে। লগতে তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰে।