/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-18-53-33.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভূমকী দ্বিতীয় খণ্ডৰ খেলপথাৰত আজি বিটিচি চৰকাৰৰ উদ্যোগত হিতাধিকাৰী আৰু আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হয়।
কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ আঁচনি সমুহৰ বিষয়ে সজাগতা অনা আৰু আঁচনিসমুহৰ ৰূপায়ন সন্দৰ্ভত সজাগতা আনিবলৈ অনুষ্ঠিত হোৱা উক্ত সভাত মুখ্য অতিথি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/03/2-2025-07-03-18-52-33.jpeg)
উক্ত সভাত কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰ আৰু বিটিচিৰ বিভিন্ন আঁচনি সমুহৰ বিতং বাখ্যা কৰি প্ৰমোদ বড়োৱে আঁচনিসমূহৰ দ্বাৰা অঞ্চলটোৰ ৰাইজে আৰ্থ-সামাজিক দিশত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। বিকশিত ভাৰত নিৰ্মানত অগ্ৰাধিকাৰ প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিকশিত ভাৰত নিৰ্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ লয়।
প্ৰমোদ বড়োৱে কয় যে ৪০ টা সমষ্টিতে হিতাধিকাৰী আৰু আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ দ্বাৰা জনতা উপকৃত হ'ব। চৰকাৰৰ আঁচনিসমুহৰ সঠিক ৰূপায়ন সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে প্ৰমোদ বড়োৱে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-18-52-44.jpeg)
১০ হাজাৰ আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ অনুদান দিয়াৰ পিছত এইবাৰ বিটিচি চৰকাৰে ১০ হাজাৰ আত্মসহায়ক গোটলৈ টেণ্ট হাউচৰ সামগ্ৰী বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে।ইয়াৰোপৰি আজি বিভিন্ন আত্মসহায়ক গোটৰ সদস্যৰ মাজত টাৰ্পলিন বিতৰণ কৰে প্ৰমোদ বড়োৱে।
ইপিনে সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ ৫ দিনীয়া বিটিআৰ ভ্ৰমনক আদৰণি জনাই কয় যে, মুখ্যমন্ত্ৰীয়ে প্ৰতি জিলাতে জিলা প্ৰশাসনৰ সতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ খতিয়ান ল'ব। মুখ্যমন্ত্ৰীয়ে দলীয় বৈঠকতো অংশগ্ৰহণ কৰিব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে।
আনহাতে কংগ্ৰেছে বিটিআৰত যুঁজ এখন হ'ব বুলি ঘোষণা কৰি থকা সন্দৰ্ভত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে, কংগ্ৰেছে বিটিআৰত হুমকি দিয়া কাৰ্য সঠিক হোৱা নাই। কোনোবাই নিৰ্বাচন খেলক আপত্তি নাই। কিন্তু যুঁজ বুলি ভয় খোৱাব নালাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/03/4-2025-07-03-18-53-01.jpeg)
যুঁজ বুলি ক'লেই বিটিআৰৰ ৰাইজে ভয় খায়। কিয়নো যোৱা ৪০ বছৰে হক -বিহকে বহু যুঁজ হ'ল, বড়োলেণ্ডত বহু তেজ দেখিলো, মৰাশ দেখিলো। গতিকে যুঁজ বুলি কলে বড়োলেণ্ডৰ মানুহ ভয় কৰে আৰু বড়োলেণ্ডৰ ৰাইজে যুঁজ বিচৰাৰ সলনি শান্তি আৰু উন্নয়ন হে বিচাৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।
বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে বিটিআৰৰ ৪০ টা সমষ্টিৰ লগতে ছালাকাটি সমষ্টিতো ইউপিপিএলৰ প্ৰভাৱ যথেষ্ট ভাল। ৪০ টা সমষ্টিৰ ৩২০০ বুথত ইউপিপিএলৰ প্ৰভাৱ ভাল আৰু সকলো সমষ্টিতে ইউপিপিএলৰ বাবে ৰাইজ দলে-বলে ওলাই আহিছে বুলি মন্তব্য কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/03/3-2025-07-03-18-53-14.jpeg)
উল্লেখ্য যে আজিৰ সভাত বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, ইউপিপিএল দলৰ সাধাৰণ সম্পাদক (কাৰ্যালয়) মাধৱ ছেত্ৰী, ইউপিপিএলৰ মহিলা শাখাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম আদিকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে কেবাসহস্ৰাধিক ৰাইজে হিতাধিকাৰী আৰু আৰ্থ-সামাজিক সজাগতা সভাত উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us