শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰক সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ আদৰণি

শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰক সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ আদৰণি

author-image
Asomiya Pratidin
New Update
শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰক সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ আদৰণি

শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰক সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ আদৰণি

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্তক শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া সমাজৰ প্ৰস্তাৱ মৰ্মে আজি ডেকা সত্ৰীয়া আৰু সত্ৰৰ বৈষ্ণৱসকলৰ উপস্থিতিত বটদ্ৰৱা শলগুৰি সত্ৰৰ ৰাইজৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ স্বাগতম জনোৱা হয়। উল্লেখ্য যে, বিগত বৰ্ষত এক পাৰিবাৰিক দুৰ্ঘটনাৰ হেতু শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই তেওঁক সত্ৰৰ সকলো কাম কাজৰ লগতে তেওঁৰ ডেকা সত্ৰাধিকাৰ পদতিৰ পৰা অব্যাহতি দিছিল।

Advertisment

পৰবৰ্তী সময়ত আইনে ইন্দ্ৰকান্ত মহন্ত দোষমুক্ত কৰাত ডেকা সত্ৰীয়া আৰু সত্ৰৰ বৈষ্ণৱসকলৰ উপস্থিতিত আজি শুদ্ধিকৰন প্ৰক্ৰিয়া সম্পন্ন কৰি তেখেতক সমাজলৈ আদৰি আনি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত আগুৱাই নিয়াৰ পৰিকল্পনা কৰে।

শলগুৰি সত্ৰৰ সমূহ আৰু ডেকা সত্ৰীয়া সকলৰ উপস্থিতিত এভাগী নাম সেৱাৰ অন্তত সকলোৰে ওচৰত সেৱালৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰে।

ক্লিক কৰি পঢ়কঃ ফুটবলাৰ নহয়, তেওঁ আছিল পদশিল্পৰ নিপুন শিল্পী

বট্ৰদৱা শলগুৰি সত্ৰ