/asomiyapratidin/media/media_files/2024/12/16/v4RucCWJcMYYa0UQiwnS.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পত্নী কৰীনা কাপুৰ আৰু পৰিয়ালৰ সৈতে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰা অভিনেতা ছৈফ আলী খানে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ মত বিনিময়ৰ বিষয়ে মুকলিকৈ কয়।
৫৪ বছৰীয়া অভিনেতাগৰাকীয়ে এই বৈঠকক ‘বিশেষ’ বুলি অভিহিত কৰি শ্বেয়াৰ কৰে যে সংসদৰ পৰা পোনপটীয়াকৈ অহাৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে কাপুৰ পৰিয়ালৰ সৈতে খুৱ আন্তৰিকতাৰে বাৰ্তালাপ কৰিছিল ।
মঙলবাৰে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনাই সাক্ষাৎ কৰিছিল। ১৩ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱত ৰাজ কাপুৰৰ শতবাৰ্ষিকী উদযাপন কৰা হয়।
বৈঠকৰ বিষয়ে কোৱাৰ সময়ত ছৈফে উল্লেখ কৰিছ্ল যে "তেওঁ সংসদত সংসদৰ ব্যস্ততাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক নিশ্চয় ভাগৰুৱা দেখা যাব । কিন্তু মোডীয়ে উষ্ম হাঁহিৰে সকলোৰে সৈতে সুন্দৰভাৱে বাৰ্তালাপ কৰিছিল ।
তেওঁলোকৰ কথা-বতৰাৰ আভাস এটা শ্বেয়াৰ কৰি ছৈফে লগতে কয়, "তেওঁ মোৰ পিতৃ-মাতৃৰ বিষয়ে ব্যক্তিগতভাৱে সুধিছিল আৰু কৈছিল যে তেওঁ ভাবিছিল যে আমি টাইমুৰ আৰু জেহাংগীৰক তেওঁক লগ কৰিবলৈ আনিম। তেওঁ তেওঁলোকৰ বাবে এখন কাগজত চহী কৰিছিল যিখন কাৰীনাই তেওঁক কৈছিল।"
ছৈফে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুত কষ্ট কৰি থকা যেন লাগিছে। দেশৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি থাকে প্ৰধানমন্ত্ৰী গৰাকীয়ে । ছেইফে লগতে উল্লেখ কৰে যে মোডীক তেওঁ কিমান সময় টোপনি যায় বুলিও প্ৰশ্ন কৰিছিল আৰু এই উত্তৰত মোডীয়ে কৈছিল, তেওঁ হেনো ৩ ঘণ্টা সময় জিৰণি লয়।
এই সাক্ষাতকাৰক ছৈফ আলী খানে বিশেষ বুলি অভিহিত কৰি মোডীৰ দেশৰ বাবে থকা আন্তৰিকতা তথা কৰ্মস্পৃহাৰ প্ৰশংসা কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us