/asomiyapratidin/media/media_files/2025/01/28/POT5D2re8Zk5Zt5SlKAS.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্য সভাই সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য এইবেলি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট সাহিত্যিক ইদ্ৰিছ আলীক প্ৰদান কৰিব। মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ইদ্ৰিছ আলী একাধাৰে গীতিকাৰ তথা সাহিত্যিক।
দৰং ৰত্ন সন্মানেৰে বিভূষিত ইদ্রিছ আলীয়ে ২০০১ চনত মঙলদৈ মহাবিদ্যালয় পৰাই অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্রহণ কৰে। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা ১৯৬৫ চনতে এগৰাকী গীতিকাৰৰূপে স্বীকৃতি লাভ কৰা ইদ্রিছ আলীয়ে 'মোৰ গাঁৱৰ সাধু', 'বুঢ়া আঁহতৰ হাঁহি', 'আগ চোতালৰ মেল', 'নিৰিবিলি', 'সুৰমিতা', 'কিশোৰ জ্যোতিপ্রসাদ', 'সুখৰ দুখৰ আৰু প্ৰেমৰ' নামৰ গ্ৰন্থ কেইখন প্রণয়ন কৰি পাঠক সমাজৰ পৰা বিপুল সমাদৰ লাভ কৰিছে।
ইতিমধ্যে 'অসম গৌৰৱ' বঁটাৰে বিভূষিত ইদ্রিছ আলীয়ে অসম চৰকাৰৰ 'সাহিত্যিক পেন্সন', 'কলংপাৰ বঁটা', 'গীতিকবি পার্বতী প্রসাদ বৰুৱা বঁটা' আৰু 'এনাজৰী বঁটা' আদিও লাভ কৰিছে। অহা ৩০ জানুৱাৰীত অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব।