কাৰ ওপৰত নিৰ্ভৰশীল হ'ব অসম সাহিত্য সভাৰ ভৱিষ্যত?

জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনত সভাপতি পদত অসমৰ সাহিত্য জগতৰ অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

author-image
Asomiya Pratidin
New Update
ে্্িু

ডিজিটেল ডেস্কঃ কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? উপেন ৰাভা হাকাচাম নে ড০ বসন্ত কুমাৰ গোস্বামী? আজি ঘোষণা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। আজি কামৰূপ জিলাৰ দদৰাৰ অন্তৰ্গত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্য নিৰ্বাহক বৈঠকত অনুষ্ঠিত হ'ব ভোট গণনা পৰ্ব।

লক্ষণীয়ভাৱে এইবেলি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা তীব্ৰ বিতৰ্ক সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ সভাপতি পদৰ বাবে সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্ৰস্তুত কৰা প্ৰথমখন বিসংগতিপূর্ণ তালিকাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। এই বিতৰ্কৰ পিছতে সভাপতি পদৰ বাবে এখন নতুন পাঁচজনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছিল।

পাঁচজনীয়া পেনেলৰ তিনিগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ ফলত সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো দুগৰাকী সাহিত্যিকৰ মাজতে সীমাবদ্ধ হৈ পৰে। উল্লেখ্য যে ভাষা-সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনত সভাপতি পদত অসমৰ সাহিত্য জগতৰ অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

তদুপৰি উপ-সভাপতি পদত পদুম ৰাজখোৱা, ডাঃ বিপিন কলিতা, চহিৰ ভূঞা আৰু প্ৰধান সম্পাদক পদত অজিত প্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে । 

এইবাৰ মুঠ ৮৪৯ খন জিলা আৰু শাখাই ভোটদানৰ অধিকাৰ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ শাখাসমূহৰ লগতে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আদিত থকা অসম সাহিত্য সভাৰ শাখাসমূহেও ইতিমধ্যে ভোটদান কৰিছে ।

অসম সাহিত্য সভাৰ সভাপতি ড৹ সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি যোৱা ৫ ডিচেম্বৰৰ পুৱা বন্ধ কৰা হৈছিল বেলট কাকত ৰখা বাকচ । তাৰ পিছত সেই বাকচ গুৱাহাটীৰ মেঘদূত ভৱনত ৰখা হৈছিল।  

অসম সাহিত্য সভা