/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ebf037dd-637c-4e9e-ba17-8a6d8b42fc64/juri.jpg)
জন্মভূমিত উষ্ম আদৰণি সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ জুৰি দত্ত
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শিক্ষা ,ভাষা, কলা সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ উৰ্বৰ ক্ষেত্ৰ ঢকুৱাখনাৰ যুগজয়ী স্বাভিমানত নব্য সৰ্বোচ্চ সংযোজন ঘটোৱা ঢকুৱাখনাৰ সু-কন্যা ড০ জুৰি দত্ত শুক্ৰবাৰে গৃহ ভূমিত উষ্ম আদৰণি জনায়। ঢকুৱাখনা মহকুমাৰ উজনি জালভাৰী গাঁওৰ প্ৰয়াত শিক্ষাবিদ লক্ষীনাথ দত্ত আৰু কুঞ্জ লতা দত্তৰ কন্যা ড০ জুৰি দত্তই ২০২২ বর্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, প্ৰচুৰ মেধা সম্পন্ন ড০ দত্তই ইংৰাজী আৰু অসমীয়াত বিষয়ত ক্ৰমে তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত ২০০৭ চনত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা লুম্মেৰ দাই আৰু য়েছে দৰজে ঠংচিৰ উপন্যাস সমগ্ৰ সম্পৰ্কে গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।
ড০ দত্তৰ ২০২২ চনত প্ৰকাশিত “সাহিত্য, সমাজ আৰু সাহিত্যতত্ব" , ২০১৮ চনত প্ৰকাশ পোৱা কচাৰেথি: আৰায়া নাৰী (মালয়ালম লেখক নাৰায়ণৰ “Kocharethi: araya woman” ৰ কেথাৰিন থানকাম্মাই কৰা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ), নতুন দিল্লীৰ Sage Publications India ৰ দ্বাৰা ২০১৪ চনত প্ৰকাশিত “Ethnic Worlds in Select Indian Fiction”, নতুন দিল্লীৰ Adhyayan Publishers & Distributors ৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত “Ethnicity in the Novels of Lummer Dai and Yeshe Dorjee Thongchi: A New Historicist Approach” আৰু ২০০৯ চনত প্ৰকাশিত “কিউবাৰ উপকূলত সপোন দেখা ছোৱালীজনী” শীৰ্ষক এখন চুটিগল্প।
তদুপৰি শেহতীয়াকৈ যুটীয়াভাৱে জিন্তু গীতাৰ্থৰ সৈতে সম্পাদিত তেওঁৰ “নিৰ্বাচিত অসমীয়া কুইজৰ গল্প”কে প্ৰমুখ্য কৰি মুঠ ৬ খন গ্ৰন্থ প্ৰকাশ হৈছে। সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত ড০ দত্তই এই বিৰল স্বীকৃতি অর্জন কৰি শুক্ৰবাৰে স্বগৃহত উপস্থিত হোৱাত উষ্ম আদৰণি জনায় ।
বঁটা প্ৰাপক ড০ দত্তক বিয়লি উজনি জালভাৰী নামঘৰ ও কৃষ্টি বিকাশ কেন্দ্ৰত সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। শিক্ষাবিদ ড০ অমল চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ আঁত ধৰে প্ৰবীণ শিক্ষাবিদ সুৰেন দত্তই । জন্মস্থানৰ কেইবা শতাধিক গুণগ্ৰাহী , ইষ্ট -কুটুম্ব আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থকা সভাত শিক্ষাবিদ ড০ নৰেন্দ্ৰ নাথ দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তুলধৰ শৰ্মা, প্ৰমোদ দত্ত, বিপিন চন্দ্ৰ দত্ত, গোলাপী গোস্বামী, পৰমা দত্ত আদিয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সাহিত্য অকাডেমী বঁটাৰ দৰে সন্মানেৰে প্ৰথম বাৰলৈ ঢকুৱাখনাক ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নিজৰ লগতে ঢকুৱাখনাৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱাৰ বাবে দত্তক সমূহীয়া ওলগ জনায়।
অনুষ্ঠানৰ আয়োজক উজনি জালভাৰী গাঁও পৰিচালনা সমিতি, জালভাৰী নাট্য সমাজ, উজনি জালভাৰী যুৱক সংঘ আৰু পুথিভঁৰাল, মইনা পাৰিজাত, উজনি জালভাৰী মহিলা সমিতি আদি সংগঠনৰ সমূহ কৰ্মকর্তা উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত বঁটা প্ৰাপক ড০ দত্তক শৰাই ,গামোচা, চেলেং চাদৰ , বস্ত্ৰ সম্ভাৰ আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনাই ইংৰাজী নৱবর্ষৰ প্ৰাকক্ষণত স্বগৃহলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দত্তক ভৱিষ্যতৰ দিনবোৰত ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ অধিক অৱদান আগবঢ়াই যাবলৈ প্ৰেৰণা দি সমূহীয়া আশীৰ্বাদ জনায় ।
আৰু পঢ়কঃ ছেমি ফাইনেলত ওৰাং জেনিথ ক্লাৱে বেছিমাৰী ডায়মণ্ড ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ