সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত

সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত
সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ২০২২ বর্ষই মেলানি মেলাৰ প্ৰাকক্ষণত ঢকুৱাখনালৈ অনাবিল গৌৰৱৰ সুখ বন্যা প্ৰবাহিত কৰিবলৈ সক্ষম হ'ল ঢকুৱাখনাৰে এগৰাকী স্বনামধন্য নীৰৱ সাহিত্য সাধকে। ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা অঞ্চলৰ সু লেখিকা, গৱেষক,বিশিষ্ট শিক্ষাবিদ , নীৰৱ সাহিত্য সাধক ডঃ জুৰি দত্তই ২০২২ বর্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰি কৰ্মভূমিৰ লগতে গৃহভূমি ঢকুৱাখনাক গৌৰাৱান্বিত কৰি তুলিবলৈ সক্ষম হৈছে ।

ঢকুৱাখানা মহকুমাৰ উজনি জালভাৰী গাঁওৰ আদৰ্শবান শিক্ষাবিদ প্ৰয়াত লক্ষী নাথ দত্ত আৰু কুঞ্জ লতা দত্তৰ কনিষ্ঠা কন্যা, সম্প্ৰতি  তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ জুৰি দত্তই প্ৰখ্যাত মালয়ালম সাহিত্যিক নাৰায়ণৰ "কচাৰঠী আয়াৰা নাৰী" নামৰ মূল মালয়ালম ভাষাৰ গ্ৰন্থখন ২০১৮ বৰ্ষত একে নামেৰে অসমীয়া ভাষালৈ তৰ্জমা কৰি চলিত বৰ্ষত এই বিৰল সন্মান অর্জন কৰিবলৈ সক্ষম হয়। পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা দত্তই কটন মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি সম্প্ৰতি তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত  অসমীয়া বিভাগত অধ্যাপনা কৰি থকা ডঃ দত্ত এই সৰ্বোচ্চ সাহিত্য সাধকৰ সন্মানেৰে বিভূষিত হোৱাত আনন্দ উল্লাসৰ বন্যা প্ৰবাহিত হৈছে বঁটা প্ৰাপক ডঃ দত্তৰ গৃহভূমি ঢকুৱাখনা।

সুলেখিকা ডঃ দত্তৰ এই  আকাংক্ষিত প্রাপ্তিত বিশ্ববিদ্যালয় পৰিয়াল, ডঃ দত্তৰ স্বামী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ "কাল্চাৰেল ষ্টাডিজ" বিভাগৰ অধ্যাপক ডঃ দেৱৰ্শী নাথ আৰু আত্মীয় স্বজনৰ লগতে ঢকুৱাখনাবাসী আনন্দিত, গৌৰৱান্বিত ।

ঢকুৱাখনাৰ স্বাভিমানী সাহিত্য সত্তাক অনাদি অনন্ত কাললৈ সমুজ্জ্বল কৰি এই অমূল্য বঁটাৰে বিভূষিতা হোৱা ভাষা সাহিত্যৰ সাধক ডঃ দত্তৰ এনে সাফল্যক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈ , ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা নৱনীতা গগৈ , লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ , উজনি জালভাৰী গাঁও উন্নয়ন সমিতি , উজনি জালভাৰী যুৱ সংঘ, উজনি জালভাৰী মহিলা সমিতি, উজনি জালভাৰী নাট্য সমাজ ও ৰাস মহোৎসৱৰ সোনালী জয়ন্তী উদযাপন সমিতি, পশ্চিম ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা ,পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়াল আদি বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন আৰু শুভেচ্ছা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in