সাহিত্য অকাডেমীঃ ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য, নয়নজ্যোতি শৰ্মালৈ যুৱ অকাডেমী বঁটা...

সাহিত্য অকাডেমীঃ ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য, নয়নজ্যোতি শৰ্মালৈ যুৱ অকাডেমী বঁটা...

author-image
Asomiya Pratidin
New Update
সাহিত্য অকাডেমীঃ  ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য, নয়নজ্যোতি শৰ্মালৈ যুৱ অকাডেমী বঁটা...

ডিজিটেল ডেস্কঃ ২০২৪বৰ্ষৰ বিভিন্ন শিতানত সাহিত্য অকাডেমীৰ বঁটা ঘোষণা কৰা হৈছে। এইবেলি অসমৰ প্ৰসিদ্ধ সাহিত্যিক  ৰঞ্জু হাজৰিকালৈ ২০২৪ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে।  বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে সাহিত্যিকগৰাকীক।

Advertisment

ইফালে নয়নজ্যোতি শৰ্মালৈ ২০২৪ৰ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা আগবঢ়োৱা হৈছে।  জাল কটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। আনহাতে বড়ো ভাষাত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰিছে ছেলফ মেড ৰাণী বড়োয়ে। ছাইখলুম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে বড়োৱে।

এইবেলি বড়োভাষাত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে  ভাৰজিন জেকোভা মুছাহাৰীয়ে। বুহুমা বৈনীবৈ কাব্যগ্ৰন্থৰ বাবে অকাডেমিৰ বঁটা লাভ কৰিছে মুছাহাৰীয়ে। ইয়াৰেপৰি বাংলা ভাষাত ‘দেৰাজে হলুদ ফুল’ শীৰ্ষক কবিতা সংকলনৰ বাবে শিলচৰৰ সূতাপা চক্ৰৱৰ্তীয়েসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে। 

ৰঞ্জু হাজৰিকা