Advertisment

সাহিত্য সভাৰ নতুন সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত...

বিৰ্তক আৰু নানান বিৰূপ ঘটনাৰ মাজেৰে অন্ত পৰিল অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া। দদৰাৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাতেই সাহিত্য সভাৰ ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হয়। নিৰ্ধাৰিত সময় অনুসৰি পুৱা

author-image
Asomiya Pratidin
New Update
সাহিত্য সভা

সাহিত্য সভা Photograph: (সাহিত্য সভা)

ডিজিটেল ডেস্কঃ বহু বিৰ্তক আৰু নানান বিৰূপ ঘটনাৰ মাজেৰে অন্ত পৰিল অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া। দদৰাৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাতেই সাহিত্য সভাৰ ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হয়। নিৰ্ধাৰিত সময় অনুসৰি পুৱা ১০.৩০বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ কথা আছিল যদিও পুৱাৰ ভাগতে সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ বাবে ১২বজাৰ পৰাহে আৰম্ভ হয় ভোটগণনা পৰ্ব।

Advertisment

প্ৰথমে সভাপতি আৰু উপ সভাপতিৰ ভোটগণনা আৰম্ভ হয়। সভাপতি পদবীত  প্ৰথম পৰ্যায়ত ড০ উপেন ৰাভা হাকাচাম আগবাঢ়ি আছিল যদি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ড০ বসন্ত কুমাৰ গোস্বামীয়ে। ৭৮টা ভোটৰ ব্যৱধানত হাকাচামক পৰাস্ত কৰি সাহিত্য সভাৰ সভাপতি পদত জয় সাব্যস্ত কৰে ড০ গোস্বামীয়ে।

ড০ বসন্ত কুমাৰ গোস্বামীয়ে  ৪০৩টা ভোট লাভ কৰাৰ বিপৰীতে ড০ উপেন ৰাভা হাকাচামে লাভ কৰে ৩২৫টা ভোট। আনফালে উপ সভাপতি পদত জয় লাভ কৰে সাহিত্য সভাৰ পূৰ্বৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।  ৰাজখোৱাই ৩৮৯টা ভোট লাভ কৰাৰ বিপৰীতে আন এগৰাকী প্ৰাৰ্থী বিপিন কলিতাই ২৪৩টা ভোট আৰু চহিৰ ভূঞাই লাভ কৰে ৯৯টা ভোট। 

সাহিত্য সভাৰ আন এটা গুৰুত্বপূৰ্ণ পদ প্ৰধান সম্পাদকৰ পদবীত জয় লাভ কৰে দেৱজিত বৰাই। ১৬৩টা ভোটৰ ব্যৱধানত নিকটতম প্ৰাৰ্থীক পৰাস্ত কৰি নিৰ্বাচনত জয়লাভ কৰে বৰাই। দেৱজিত বৰাই লাভ কৰে ৪০১টা ভোট। ইয়াৰ বিপৰীতে অজিত শৰ্মাই ২৩৮টা আৰু সঞ্জীৱ শৰ্মাই লাভ কৰে ৯৯টা ভোট।

প্ৰথমৰে পৰা সাহিত্য সভাৰ নিৰ্বাচনক লৈ নানান বিৰ্তক হলেও অৱশেষত অসমে লাভ কৰিলে  সাহিত্য সভাৰ নতুন  সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক। 

অসম সাহিত্য সভা