/asomiyapratidin/media/media_files/2025/07/26/agroni-khabar-2025-07-26-23-00-40.webp)
ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ অসম সাহিত্য সভাৰ অন্তৰ্গত অগ্ৰণী শাখা কৰৰা শতদল সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। শ্ৰী শ্ৰী পিঙ্গলেশ্বৰ দেৱালয়ত উদযাপিত হোৱা প্ৰতিষ্ঠা দিৱসত পুৱাৰ ভাগত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শতদল সাহিত্য সভাৰ উপ সভাপতি ৰঞ্জন কলিতাই আৰু স্মৃতি তৰ্পণ কৰে জ্যেষ্ঠ সদস্য কৰুণাকান্ত ডেকাই।
ইয়াৰ পিছতে দেৱালয়ৰ সভা গৃহত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে শতদল সাহিত্য সভাৰ সভাপতি প্ৰসন্ন কুমাৰ তালুকদাৰে। সম্পাদক মহেশ চন্দ্ৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য চক্ৰধৰ চৌধুৰীয়ে শাখা সভাৰ বিগত সময়ৰ কাৰ্যৰ বিষয়ে উল্লেখ কৰি বক্তৃতা প্ৰদান কৰে।
তাৰ পিছতে পূব কামৰূপ কলেজৰ অৱসৰী অধ্যাপক তথা অসমীয়া লোক সংস্কৃতিৰ গৱেষক ড০ উমেশচন্দ্ৰ ডেকাই 'অসমৰ লোক সংস্কৃতিত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰভাৱ' শীৰ্ষক এটি মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। সভাত পূব কামৰূপ কলেজৰ অৱসৰী অধ্যাপক নগেন চন্দ্ৰ কাকতি, দিশপুৰ কলেজৰ অধ্যাপক জ্যোতিষ গোস্বামী, কৰুণাকান্ত ডেকা, লোকমান বৰা, কুমুদ তালুকদাৰ, মদন চন্দ্ৰ ডেকা, পুলক চমুৱা প্ৰমুখ্যে আন কেইবাজনো লোকে বক্তব্য আগবঢ়ায়। শেষত সভাৰ সভাপতি প্ৰসন্ন কুমাৰ তালুকদাৰে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায় দিৱসৰ সামৰণি পেলায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us