/asomiyapratidin/media/media_files/2025/01/26/QpBJiNFnH3FlUs7yLyim.png)
ডিজিটেল সংবাদ, মৰিগাঁও: সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনবৈদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে আজি মৰিগাঁও জিলাৰ তিনিজন সত্ৰীয়া কলা-সংস্কৃতিৰ সাধকক অসমৰ ১২০০ সত্ৰ আৰু ৪০০০ নামঘৰৰ উমৈহতীয়া সংগঠন সদৌ অসম সত্ৰ মহাসভাই সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/media_files/2025/01/26/H9rfBtDq6tUHoZkGw3bg.jpg)
সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি মৰিগাঁও জিলাৰ শ্ৰীশ্ৰী লাইআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক, নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ নেতৃত্বত যোৱা সদৌ অসম সত্ৰমহাসভাৰ এটি প্ৰতিনিধি দলে সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক ক্ৰমে মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ শ্ৰীশ্ৰী দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ দেৱ মহন্ত, মায়ঙৰ শ্ৰীশ্ৰী শিলডুবি সত্ৰৰ সত্ৰাধিকাৰ ক্ষীৰোদ গোস্বামী আৰু আঁহতগুৰিৰ শ্ৰীশ্ৰী ডিফলু সত্ৰৰ সত্ৰাধিকাৰ বিশ্বজিৎ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/01/26/2v85FkwMXe5ABRo0X0gM.jpg)
লগতে ঐতিহাসিক শিলচাঙৰ খলা দেওৰজা প্ৰবীণ দেওৰজাক আজি শিলচাং খলা দেওৰজাৰ ৰাজদৰবাৰত এখন মানপত্ৰ, চেলেং চাদৰ, এটা স্মাৰক আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনায়। আটাইকেইগৰাকী সংস্কৃতিৰ সাধকে জন্মলগ্নৰে পৰা সদৌ অসম সত্ৰ মহাসভাই সত্ৰীয়া কলা-সংস্কৃতিৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।
/asomiyapratidin/media/media_files/2025/01/26/tbrIz2GceQQ6NMiw6TLD.jpg)
উল্লেখ্যযোগ্য যে, দিল্লী বিশ্ববিদ্যালয়কে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া কলা-সংস্কৃতি তথা গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিষয় হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে অংকীয়া ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য আদি পৰিবেশন কৰাৰ মাজেৰে সদৌ অসম সত্ৰ মহাসভাক সমগ্ৰ ভাৰতবৰ্ষত জিলিকাই তোলা বাবে সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীকে প্ৰমূখ্য কৰি সংগঠনটোৰ বিষয়ববীয়াৰ শলাগ লয়।
/asomiyapratidin/media/media_files/2025/01/26/wZyKYLzupKNtm5kDfqsV.jpg)
উল্লেখ্য যে, সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি দলটোত অসমৰ বিভিন্ন জিলাৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু সদৌ অসম সন্মিলিত যুৱতীৰ্থৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/01/26/RpLJkZdgcVU9nR1MlCWR.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us