/asomiyapratidin/media/media_files/2025/01/22/AFGkqNmqC7NcQTrerva9.jpg)
ডিজিটেল ডেস্কঃ পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত আৰু বহু কেইগৰাকী কাব্য মনিষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্ম লাভ কৰা 'সদৌ অসম কবি সন্মিলন' উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃহত জাতীয় কাব্য সংগঠন।
গত বৰ্ষৰ ২৮ ডিচেম্বৰত শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত হোৱা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাত বিষয়ববীয়া নিৰ্বাচনী প্ৰক্ৰিয়াটোত সন্মিলনৰ সংবিধান উলংঘা হোৱাৰ দাবী তুলি সভাত উপস্থিত গৰিষ্ঠ সংখ্যক প্ৰতিনিধিয়ে বিষয় বাছনি সভাখন বৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত উক্ত সভাখন সভাপতিয়ে স্থগিত ৰাখে।
পৰৱৰ্তী সময়ত বিষয় বাছনি সভাৰ সভাপতি তথা সদৌ অসম কবি সন্মিলনৰ বিদায়ী সভাপতি বংশী বৰাৰ স্বাক্ষৰত পুনৰ আহ্বান কৰা প্ৰতিনিধি আৰু বিষয় বাছনি সভাখনি যোৱা ১৯ জানুৱাৰীত বোকাখাত মহকুমা কবি সন্মিলনৰ আতিথ্যত ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সন্মিলনৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰা পূৰ্বৰ প্ৰতিনিধি সভাত উপস্থিত থকা ডেৰ শতাধিক প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰা সভাখনত সভাই সৰ্বসন্মতিক্ৰমে পূৰ্বৰ প্ৰতিনিধি সভাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়াক অসাংবিধানিক আখ্যা দি পুনৰ সাংবিধানিকভাবে সকলো নিৰ্বাচনী কাৰ্য পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
"পূৰ্বে যদি অসাংবিধানিকভাৱে মই ৰাজুমণি বেজবৰুৱাই সভাপতি হিচাপে যদি নিৰ্বাচিত হৈছিলো, তেতিয়া হ’লে এই পদ মই এৰিছোঁ আৰু সাংবিধানিকভাবে যদি মোক নিৰ্বাচিত কৰে তেতিয়াহ’লে সভাপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াম" বুলি ঘোষণা কৰাৰ লগে লগে উপস্থিত থকা সকলো প্ৰতিনিধিয়ে বিপুল উৎসাহৰে পূৰ্বৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সৰ্বসন্মতিক্ৰমে নাকচ কৰে ।
ইয়াৰ পাছতে সভাপতিৰ নিৰ্দেশনাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা, বিশিষ্ট কবি উৎপল দলে, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা, বিশিষ্ট আবৃত্তিকাৰ,প্ৰাক্তন সভাপতি জুলিয়ানা বেগম, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা, বিশিষ্ট সাহিত্য সমালোচক, জে. বি. কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মানিক শইকীয়াক নিৰ্বাচনী বিষয়া হিচাপে লৈ তিনিজনীয়া নিৰ্বাচনী সমিতি গঠন কৰি সভাপতি আৰু প্ৰধান সম্পাদককে প্ৰমুখ্য কৰি সকলো পদবী সংবিধানৰ গণ্ডীৰ ভিতৰত একাদিক্ৰমে নিৰ্বাচন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰে।
গোপন প্ৰস্তাৱৰ জৰিয়তে ৰাজুমণি বেজবৰুৱাক সভাপতি আৰু চৈয়দ পাৰভিজ হুচেইনক প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে সকলো জিলাৰ সদস্যৰে ২০২৫-২০২৭ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকখনি গঠন কৰা হয়।