ব্যাপক আয়োজনেৰে সাদিন-প্ৰতিদিনৰ ছপাশালত বিশ্বখনিকৰক আৰাধনা

ব্যাপক আয়োজনেৰে সাদিন-প্ৰতিদিনৰ ছপাশালত বিশ্বখনিকৰক আৰাধনা

ডিজিটেল ডেস্কঃ প্ৰতিজন হিন্দু-সনাতনী ধৰ্মাৱলম্বী লোকৰ সমান্তৰালভাৱে সাদিন-প্ৰতিদিন গোষ্ঠীয়েও সোমবাৰে পালন কৰিলে বিশ্বকৰ্মা পূজা। ব্যাপক আয়োজনেৰে অসমীয়া প্ৰতিদিন কাকতৰ গুৱাহাটী সংস্কৰণৰ বামুণীমৈদামস্থিত ছপাশালত বিশ্বখনিকৰগৰাকীক আৰাধনা কৰা হয়।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ পৰিয়ালে সম্পূৰ্ণ ৰীতি-নীতিৰে আয়োজন কৰা এই পূজাত এখনি যজ্ঞও অনুষ্ঠিত কৰা হয়। যজ্ঞত পূজা আগবঢ়াই সঞ্চালক ঋষি বৰুৱাই। আনহাতে পূজাৰ আৰম্ভণিতে প্ৰতিদিন টাইমৰ স্থায়ী গণেশ মূৰ্তিৰ সন্মুখতো এভাগি পূজা আগবঢ়োৱা হয়। এই পূজা আগবঢ়াই প্ৰতিদিন টাইমৰ মহাপ্ৰবন্ধক গৌৰৱ গোস্বামীয়ে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই মহাআয়োজনত ভাগ লয় অসমীয়া প্ৰতিদিন কাকত, অসমীয়া প্ৰতিদিন ডিজিটেল, প্ৰতিদিন টাইমকে আদি কৰি সাদিন-সাতসৰীৰ কৰ্মকৰ্তাসকলে।

উল্লেখ্য যে, পূজাত উপস্থিত আছিল সাদিন-প্ৰতিদিন গোষ্ঠীৰ মহাপ্ৰবন্ধক মৃন্ময় দে, প্ৰতিদিন টাইমৰ মহাপ্ৰবন্ধক গৌৰৱ গোস্বামী, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী, প্ৰতিদিন টাইমৰ সম্পাদক নিতুমণি শইকীয়া, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, অসমীয়া প্ৰতিদিনৰ বাৰ্তা সম্পাদক পাৰ্থদেৱ গোস্বামী, মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী, সাদিন-প্ৰদিন গোষ্ঠীৰ অধ্যক্ষৰ পত্নী ৰুবী বৰুৱা, সঞ্চালক ঋষি বৰুৱা, প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞা, প্ৰকাশক যতীন চৌধুৰী, অসমীয়া প্ৰতিদিন ডিজিটেলৰ সম্পাদক মৃদুল কুমাৰ সন্দিকৈকে আদি কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰতিজন বিষয়ববীয়া, কৰ্মকৰ্তা তথা সংবাদকৰ্মী।

ব্যাপক আয়োজনেৰে সাদিন-প্ৰতিদিনৰ ছপাশালত বিশ্বখনিকৰক আৰাধনা
দুই বিশিষ্ট সাংবাদিকৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম, অসমৰ শোক প্ৰকাশ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in