শচীন তেণ্ডুলকাৰক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

সোমবাৰে কাজিৰঙাত উপস্থিত হ'ব ক্ৰিকেট ভগৱান শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ ব্যক্তিগত অতিথিশালা বৰগছ ৰিজৰ্টত নিশা কটাব শচীন তেণ্ডুলকাৰে ৷ ক্ৰিকেটাৰ গৰাকীক আপ্যায়নৰ বাবে পিঠা-পনাকে আদি কৰি থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰিছে ৰিজৰ্ট কৰ্তৃপক্ষই ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙালৈ শচীন তেণ্ডুলকাৰ

কাজিৰঙালৈ শচীন তেণ্ডুলকাৰ

ডিজিটেল সংবাদ, কাজিৰঙা: সোমবাৰে কাজিৰঙাত উপস্থিত হ'ব ক্ৰিকেট ভগৱান শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ ব্যক্তিগত অতিথিশালা বৰগছ ৰিজৰ্টত নিশা কটাব শচীন তেণ্ডুলকাৰে ৷ ক্ৰিকেটাৰ গৰাকীক আপ্যায়নৰ বাবে পিঠা-পনাকে আদি কৰি থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰিছে ৰিজৰ্ট কৰ্তৃপক্ষই ৷ 

Advertisment

লগতে তেওঁক আদৰাৰ বাবে বিহু, ঝুমুইৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ৷ কাজিৰঙা দৰ্শনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ ক্ৰিকেটাৰৰ গৰাকীৰ লগতে তেওঁৰ পৰিয়াল সন্ধ্যা ৫ বজাত কাজিৰঙাত উপস্থিত হোৱাৰ সম্ভাৱনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা