Advertisment

সাংবাদিক হেমেন কুমাৰ দাসৰ ‘’শব্দৰ ক'লাজ’’ গ্ৰন্থ উন্মোচন...

সাংবাদিক হেমেন কুমাৰ দাসৰ 'শব্দৰ ক'লাজ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, নগাঁওঃ সাংবাদিক হেমেন কুমাৰ দাসৰ 'শব্দৰ ক'লাজ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই । 

Advertisment

গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত অধ্যাপক হাজৰিকাই কয় যে শব্দৰ ক'লাজৰ মাজত আমি বহু কিবা বিচাৰি পাওঁ। এটা এটা শব্দই আমাক বহু গভীৰতালৈ লৈ যায়। হেমেন কুমাৰ দাসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে গ্ৰন্থখনত বিষয়বস্তুৰ মিল আছে। সাংবাদিকতাৰ প্ৰসঙ্গ উল্লেখ কৰি হাজৰিকাই কয় যে সাংবাদিকতাত নিচা আৰু পেচা দুয়োটাই জড়িত হৈ আছে। ভাষণ প্ৰসঙ্গত অসমীয়া মানুহৰ মাজত গ্ৰন্থ অধ্যয়নৰ আগ্ৰহ কম বুলি আগ্ৰহ প্ৰকাশ কৰি উপাচাৰ্য গৰাকীয়ে কয় যে অসমীয়া মানুহৰ কিতাপ পঢ়াৰ অভ্যাস কম। কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো অতীৱ প্ৰয়োজন তেতিয়াহে জ্ঞানৰ প্ৰসাৰ বিস্তাৰিত হ’ব। 

অসমীয়া মানুহে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয়,  কিতাপ পঢ়াৰ অভ্যাসে অসমীয়া জাতিক উদ্ধাৰ কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা নগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ শৰৎ বৰকটকীয়ে হেমেন কুমাৰ দাসৰ সাংবাদিক জীৱনৰ কথা উল্লেখ কৰি কয় হেমেন কুমাৰ দাসৰ গ্ৰন্থখনে সময়ক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। 

ইতিহাসবিদ তথা ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই নিজৰ ভাষণত কয় যে সাংবাদিকতা আৰু গ্ৰন্থ ৰচনা কৰাটো এক মহৎ কাম। কিতাপ পঢ়াটো জাতীয় অভ্যাসলৈ ৰূপান্তৰ কৰা প্ৰয়োজন। সৃষ্টি আৰু চিন্তাৰ মাজৰে আমাৰ জাতিটোক আগুৱাই নিব লাগিব বুলি ড০ হাজৰিকাই মন্তব্য কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত গ্ৰন্থখনৰ প্ৰকাশক আনন্দ প্ৰকাশৰ স্বত্বাধিকাৰী লেখক আমিনুৰ ৰহমান ,চিত্ৰশিল্পী সুজিৎ দাস আদিৰ লগতে নগাঁৱৰ সাংবাদিক ,বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।উক্ত অনুষ্ঠানতে গ্ৰন্থখনৰ লেখক হেমেন কুমাৰ দাসে নিজৰ অনুভৱ ব্যক্ত কৰে।

গ্ৰন্থ উন্মোচন