/asomiyapratidin/media/media_files/2025/01/13/1Z7SBLb4ClpQf0haAEQk.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত নিমন্ত্ৰণী পত্ৰ আহিল। ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ কৰা-নকৰা সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে ভাৰতলৈ আহিল শপত গ্ৰহণৰ আমন্ত্ৰণী পত্ৰ। ড'নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব এছ জয়শংকৰে। কাৰণ ব্যক্তিগতভাৱে নিমন্ত্ৰণ লাভ কৰা নাই প্ৰধানমন্ত্ৰী মোডীয়ে।
উল্লেখ্যযোগ্য যে, এই অনুষ্ঠানত বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ শীৰ্ষ ১% ব্যক্তিকহে আমন্ত্ৰণ জনোৱা হ’ব। লগে লগে উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিয় অংশগ্ৰহণ নকৰে, সেই সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন হৈছে। ২০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানতে জে ডি ভ্যান্সেও আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ।
আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ সময়ত বিদেশী নেতাৰ উপস্থিতি দেখা যাব। ট্ৰাম্পৰ দলটোৱে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই আৰু এল ছালভাডৰৰ নেতা নাইব বুকেলেক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে। কিন্তু এইসকলৰ মাজত নাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ নাম।
ট্ৰাম্পৰ পূৰ্বৰ শাসনৰ সময়ছোৱাত মোডী আৰু ট্ৰাম্পৰ মাজত ঘনিষ্ঠ বন্ধুত্ব পৰিলক্ষিত হৈছিল। আনকি দুয়োগৰাকী নেতাই যৌথভাৱে আয়োজন কৰিছিল "হাউডি মোডী" অনুষ্ঠান। ইমানৰ পাছতো ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত মোডীৰ অনুপস্থিতিয়ে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিব।
ইফালে, ট্ৰাম্পে মোডীক নিমন্ত্ৰণ নকৰাটো কোনো আচৰিত কথা নহয় বুলি একাংশই মত প্ৰকাশ কৰিছে। মোডীয়ে ব্যক্তিগত উচ্চাকাংক্ষা পূৰণৰ বাবে ট্ৰাম্পক সময় সময়ে ব্যৱহাৰ কৰি আহিছে বুলিও একাংশই সমালোচনা কৰিছে।