দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ...

৯ মাহত প্ৰৱেশ কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। ইয়াৰ মাজতে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব।
S Jaishankar
S Jaishankar

ডিজিটেল ডেস্ক: ৯ মাহত প্ৰৱেশ কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। ইয়াৰ মাজতে সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব। ৰাছিয়াত মন্ত্ৰী গৰাকীয়ে দেশ খনৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে দুয়োপক্ষৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আলোচনা কৰিব।

দুয়োপক্ষৰ মাজত হোৱা এই আলোচনাত দ্বিপাক্ষিক বিষয়সমূহ সামৰি লোৱা হ'ব আৰু বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰা হ'ব বুলি আশা কৰা হৈছে।

এছ জয় শংকৰে ৰাছিয়ান ফেডাৰেচনৰ উপ-প্ৰধানমন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰাৰ কথা আছে।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এমইএ) এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে। য'ত কোৱা হৈছে- "বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰা হ'ব''।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in