/asomiyapratidin/media/media_files/2025/05/08/FcXMY0LkvTmmU8AzcO6p.png)
ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তিশালী অস্ত্ৰ এছ-৪০০ সুদৰ্শন চক্ৰ
ডিজিটেল ডেস্ক : পেহেলগামৰ নৰসংহাৰৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে লৈছে কঠোৰ স্থিতি। ইখনৰ পাছত সিখন বৈঠকযোগে গ্ৰহণ কৰিছে ভালেকেইটা পদক্ষেপ। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি সাজু হৈ উঠিছে স্থল সেনা, বায়ু সেনা আৰু নৌসেনা।
যি কোনো মুহূৰ্ততে হ’ব পৰা বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলা- বাৰুদ, মিশ্বাইছল, ৰাফেল আদিৰে সুজ্জিত হৈ আছে আটাইকেইটা মহাশক্তি। ইতিমধ্যে 'অপাৰেচন সিন্দূৰ'ৰ দ্বাৰা বৈৰী দেশ পাকিস্তানক এসেকা দিছে ভাৰতীয় সেনাই। নিমিষতে তচ-নচ কৰি পেলাইছে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ।
ইয়াৰ পাছতো অনাগত সময়ত সম্ভাৱ্য যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ অস্ত্ৰ- শস্ত্ৰৰে সুসজ্জিত হৈ আছে স্থল সেনা, বায়ু সেনা আৰু নৌ সেনা। পিছে ইয়াৰ মাজতে শেহতীয়াকৈ বায়ু সেনাৰ হাতত মজুত থকা এক মহাঅস্ত্ৰই চৰ্চা লাভ কৰিছে। এই মহা অস্ত্ৰবিধৰ নাম হৈছে এছ ৪০০ সুদৰ্শন চক্ৰ। এই অস্ত্ৰবিধ নিৰ্মাণ কৰা হৈছে ৰাছিয়াত।
এছ ৪০০ সুদৰ্শন চক্ৰই নিমিষতে চাৰখাৰ কৰি পেলাব পাৰে শত্ৰু পক্ষক। এই বিধ অস্ত্ৰৰ ইমানেই ক্ষমতাশালী যে, ৩০ কিলোমিটাৰ নিলগত থকা শত্ৰুকো মাটিত মিহলি কৰি দিব পাৰে। ইয়াক ৪০ৰ পৰা ৪০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত সংস্থাপন কৰিব পাৰি।
তাৰোপৰি এই অস্ত্ৰৰ দ্বাৰা একেলগে একেসময়তে ৩০০ ৰো অধিক লোকক আক্ৰমণ কৰিব পৰা ক্ষমতা আছে। এই অস্ত্ৰবিধ ট্ৰাক, ৰাডাৰ আদিতো সংস্থাপন কৰিব পাৰি বুলি জানিব পৰা গৈছে। ই পূৰ্বৰ সংস্কৰণ এছ ৩০০ত কৈও অধিক শক্তিশালী।