/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1f63b973-6b69-44c7-846f-ee6c0bc6b194/13.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আগবঢ়োৱা হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান। মোডীক 'Order of St. Andrew the Apostle' সন্মানেৰে সন্মানিত কৰিলে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।
দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়ালৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী মোডী। ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে আনুষ্ঠানিকভাৱে ‘অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ‘ষ্টল’ বঁটা প্ৰদান কৰে ।
অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মানীয় অসামৰিক সন্মান। উল্লেখযোগ্য় যে ২০১৯ চনত ৰাছিয়াই প্ৰধানমন্ত্ৰী মোডীক এই সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us