প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। প্ৰধানমন্ত্ৰী মো়ডীৰ মেক ইন ইণ্ডিয়া নীতিক প্ৰশংসাৰে উপচাই দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dgdrg

ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। প্ৰধানমন্ত্ৰী মো়ডীৰ মেক ইন ইণ্ডিয়া নীতিক প্ৰশংসাৰে উপচাই দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই নীতি সন্দৰ্ভত পুটিনে কয় যে ভাৰতৰ মেক ইন ইণ্ডিয়া নীতিৰ ফলত ৰাছিয়াৰ গুৰুত্বপূৰ্ণ বিনিয়োগৰ বাবে সুস্থিৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।

উল্লেখযোগ্য যে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ভাষণ দি পুটিনে কয়- "উচ্চ প্ৰযুক্তিকে ধৰি ৰাছিয়ান ফেডাৰেচনৰ সকলো খণ্ডতে তেওঁলোকৰ সামগ্ৰী বিক্ৰী আৰু ৰপ্তানিৰ সুযোগ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে। এইক্ষেত্ৰত অনুৰূপ কাম কৰিছে আছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে।

মোডীৰ মেক ইন ইণ্ডিয়া নীতিৰ অধীনত কেতবোৰ কাম- কাজ কৰি থকা হৈছে। যিয়ে অনাগত দিনত ৰাছিয়াক ভাৰতৰ সৈতে ব্যৱসায় কৰিবলৈ সহায়ক হ’ব। লগতে ইয়াৰ দ্বাৰা উভয় দেশে লাভান্বিত হ’ব বুলি পুটিনে মন্তব্য কৰে।

ইফালে দুয়োখন দেশৰ আন্তৰ্জাতিক সম্পৰ্ক সন্দৰ্ভত অহা বৰ্ষৰ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণ মৰ্মে ভাৰত ভ্ৰমণ কৰাৰ কথাও ব্যক্ত কৰে পুটিনে।

নৰেন্দ্ৰ মোডী ভ্লাদিমিৰ পুটিন