/asomiyapratidin/media/media_files/2025/04/25/bLSwPwdYYaUMuzdgYBsn.jpg)
বোমা বিস্ফোৰণত নিহত পুটিনৰ জেনেৰেল
ডিজিটেল ডেস্ক : মস্কোৰ ৰাজধানী বালাশিখাত হত্যা কৰা হৈছে ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফৰ মূল অভিযান বিভাগৰ উপ-মুখ্য লেফটেনেণ্ট জেনেৰেল ইয়াৰোছলাভ মস্কালিয়াক। শুকুৰবাৰে গাড়ীত বোমা বিস্ফোৰণ হোৱাৰ ফলত নিহত হয় ৰাছিয়াৰ জেনেৰেল জনৰ। চাৰি মাহৰ ভিতৰত ৰাছিয়াৰ সামৰিক বিষয়াৰ ওপৰত এয়া দ্বিতীয়টো আক্ৰমণ।
তথ্য মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দূত ষ্টিভ উইটকাফে ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰি ইউক্ৰেইনৰ হৈ কৰা শান্তি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ কথা আছিল ঠিক সেই সময়তে এই বিস্ফোৰণ সংঘটিত হয়। সেই স্থানৰ পৰাই আই ই ডি ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছিল। কমিটীৰ মুখপাত্ৰ স্বেটলানা পেট্ৰেংকোৱে ঘটনাস্থলীত তদন্তকাৰী উপস্থিত থকা বুলিও জানিবলৈ দিয়ে।
অৱশ্যে এই পৰ্যন্ত সম্ভাব্য সন্দেহযুক্ত লোকৰ কথা কমিটীয়ে উল্লেখ কৰা নাই। লেফটেনেণ্ট জেনেৰেল ইগ’ৰ কিৰিলভক হত্যা কৰাৰ পিছত এই আক্ৰমণ সংঘটিত হৈছে। বিস্ফোৰণৰ বাবে গাড়ীখনে কেইবা মিটাৰ দূৰত চিটিকি পৰে। বিস্ফোৰণৰ পিছত সেই স্থানতে আই ই ডি ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত গাড়ীখন বিস্ফোৰণৰ মুহূৰ্তটো বন্দী হোৱাৰ বিপৰীতে অতিৰিক্ত ছবিত সম্পূৰ্ণ জ্বলি যোৱা বাহনখন দেখা গৈছে। এই ঘটনাই বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।