/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/327cc0d1-72fb-4d21-821e-381efb8e5c1d/ukraine_06.jpg)
Ukraine
ডিজিটেল ডেস্কঃ অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাত। শান্ত হোৱা নাই যুদ্ধবাজ ৰাছিয়া। হাৰ মনা নাই ইউক্ৰেইনেও। শেষ নোহোৱা এখন যুদ্ধ চলাই যোৱা দুয়ো দেশৰ ৰাষ্ট্ৰনেতাৰ বাবেই এতিয়া বিপদে লগ এৰা নাই সৰ্বসাধাৰণ জনতাক।
শেহতীয়াকৈ ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ ভয়াবহতা তথা ক্ষয়, ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইউক্ৰেইনে ব্লেক আউটৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ খবৰ প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইউক্ৰেইনে ৰাজধানী কিয়েভৰ পৰা ৩০ লাখ বাসিন্দাক স্থানান্তৰৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। ৰাজধানী কিয়েভ সম্পূৰ্ণ ৰূপে ব্লেক আউট কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
আনহাতে কিয়েভত এক হাজাৰ হিট ষ্টেচন স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৪০ শতাংশ আন্তঃগাঁথনি ধ্বংস হৈছে। যোৱা ২২ অক্টোবৰত ৰাছিয়াই কৰা আক্ৰমণত কিয়েভৰ ১৪ লাখতকৈও অধিক গৃহৰ বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ পৰিছে।