ৰাছিয়াৰ জলসীমাত আমেৰিকাৰ পাৰমাণৱিক ছাবমেৰিনঃ ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ মিত্ৰ বেলাৰুছৰ বেহু

ড'নাল্ড ট্ৰাম্পে শুকুৰবাৰে দুখনকৈ পাৰমাণৱিক ছাবমেৰিন ৰাছিয়াৰ জলসীমাৰ কাষলৈ প্ৰেৰণ কৰিছিল। তাৰ পিছতেই এতিয়া ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ বেলাৰুছে ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰাছিয়াৰ জলসীমাত আমেৰিকাৰ পাৰমাণৱিক ছাবমেৰিনঃ ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ মিত্ৰ বেলাৰুছৰ বেহু

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ওপৰত চাপ সৃষ্টি কৰি ড'নাল্ড ট্ৰাম্পে শুকুৰবাৰে দুখনকৈ পাৰমাণৱিক ছাবমেৰিন ৰাছিয়াৰ জলসীমাৰ কাষলৈ প্ৰেৰণ কৰিছিল। তাৰ পিছতেই এতিয়া ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ বেলাৰুছে ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰাত জপিয়াই পৰিছে। বেলাৰুছে ইউক্ৰেইন সীমান্তত নৱগঠিত বিশেষ অভিযান বাহিনীক নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। 

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৰে ইতিমধ্যে ইউক্ৰেইন সীমান্তত মোতায়েন কৰিছে ৰকেট আৰ্টিলাৰী বিগ্ৰেড।ইয়াৰ উপৰিও বেলাৰুছ চৰকাৰে বিশেষ এয়াৰ ডিফেন্স ব্ৰিগেড গঠনৰো সিদ্ধান্ত লৈছে। এই ব্ৰিগেডৰ অধিনায়ক মেজৰ জেনেৰেল ভাদিম ডেনিচেংকোৱে শনিবাৰে ৰাছিয়াৰ সংবাদ সংস্থা ‘টাছ’ক জনাইছে যে শেহতীয়াকৈ বৃদ্ধি পোৱা উত্তেজনাৰ বাবেই তেওঁলোকে ইউক্ৰেইনৰ সীমান্তত এই কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। 

ৰাছিয়া আৰু ইউক্ৰেইনৰ দৰে বেলাৰুছো পূৰ্বৰ ছোভিয়েটৰ এখন গণৰাজ্য। বেলাৰুছৰ ৰাষ্ট্ৰপতি লুকাচেংকোক পুটিনৰ অতি ঘনিষ্ঠ হিচাপে জনা যায়। যুদ্ধৰ পৰিস্থিতিৰ মাজতো মস্কোৱে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ এটা অংশ বেলাৰুছত জমা কৰি ৰাখিছে। 

আন্তঃৰাষ্ট্ৰীয় সতৰ্কবাণীকো আওকাণ কৰি লুকাচেংকোৱে বেলাৰুছ-ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ সৈন্য নিয়োগ কৰাৰ বাবেও অনুমোদন জনাইছে। স্মৰ্তব্য যে, শুকুৰবাৰে ড'নাল্ড ট্ৰাম্পে ৰাছিয়াৰ জলসীমাৰ ওচৰলৈ দুখন পাৰমাণৱিক ছাবমেৰিন প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল। 

ইফালে ৰাছিয়াৰ হাতত আমেৰিকাৰ দুই পাৰমাণৱিক ছাবমেৰিণক বাধা দিব পৰাকৈ যেথেষ্ট পাৰমাণৱিক অস্ত্ৰ সজ্জিত ছাবমেৰিন আছে বুলি হুংকাৰ দিছে ৰাছিয়াই। ৰাছিয়াৰ সংসদৰ ডুমাৰ সদস্য ভিক্টৰ ভোডোলাটস্কিয়ে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছক কয় যে ৰাছিয়াৰ হাতত আমেৰিকাতকৈ বহু বেছি পাৰমাণৱিক অস্ত্ৰধাৰী ছাবমেৰিন বিশ্বৰ মহাসাগৰত আছে।

ইফালে ট্ৰাম্পৰ মন্তব্যক বৰ বেছি গুৰুত্ব দিব নালাগে বুলি দাবী কৰিছে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা আলোচনী গ্ল’বেল এফেয়াৰ্ছৰ সম্পাদক ফ্য’ডৰ লুকিয়ানভে। তেওঁ কয়, ট্ৰাম্পৰ এই সতৰ্কবাণীক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য শুনি আমেৰিকাৰ সামৰিক বিষয়াসকলো আচৰিত হয়।

ভ্লাদিমিৰ পুটিন ড'নাল্ড ট্ৰাম্প ইউক্ৰেইন ৰাছিয়া যুদ্ধ