ৰাছিয়াৰে সম্পৰ্কঃ ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধি কৰাৰ ভাবুকি ট্ৰাম্পৰ, মস্কোৰ প্ৰতিক্ৰিয়া

কোনো নিষেধাজ্ঞাই মস্কোৰ সৈতে দেশসমূহৰ ইতিহাস সলনি কৰিব নোৱাৰে। মস্কোৱে বহুপক্ষীয় বিশ্ব ব্যৱস্থাক অক্ষম ৰাখিবলৈ বন্ধুৰাষ্ট্ৰৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব বিচাৰে।

author-image
Asomiya Pratidin
New Update
ৰাছিয়াৰে সম্পৰ্কঃ ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধি কৰাৰ ভাবুকি ট্ৰাম্পৰ, মস্কোৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা ভাৰতকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহক আমেৰিকাই মুকলি ভাবুকি দিয়াৰ পিছতেই মস্কোৱে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, আমেৰিকাই নিজৰ আধিপত্য বজাই ৰাখিবলৈ নব্য উপনিবেশিকতাবাদৰ নীতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। 

Advertisment

ৰাছিয়াই দাবী কৰি কয় যে, কোনো শুল্ক যুদ্ধ বা নিষেধাজ্ঞাই মস্কোৰ সৈতে বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ইতিহাস সলনি কৰিব নোৱাৰে। মস্কোৱে বহুপক্ষীয় বিশ্ব ব্যৱস্থাক কাৰ্যক্ষম কৰি ৰাখিবলৈ বন্ধুৰাষ্ট্ৰৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব বিচাৰে।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি ৰাছিয়াৰ বিভিন্ন বাণিজ্যিক অংশীদাৰ দেশৰ ওপৰত শুল্কৰ উপৰিও জৰিমণা আৰোপ কৰাৰ হুংকাৰ দিছে। সেই অনুসৰি ভাৰতৰ ওপৰত আমেৰিকাই ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

তাৰোপৰি ৰাছিয়াৰে ঘনিষ্ঠতা ৰক্ষা কৰাৰ বাবে তাৰ শাস্তি হিচাপে জৰিমণা আৰোপ কৰাৰ কথা কৈছে। এই বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে ট্ৰাম্পে পুনৰ নতুন দিল্লীক মস্কোৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত সকীয়াই দি কয় যে আমেৰিকাই ভাৰতৰ ওপৰত শুল্কৰ হাৰ আৰু অধিক বৃদ্ধি কৰিব। এনে এক পৰিস্থিতিত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাক গ্ল’বেল ছাউথত ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে ট্ৰাম্পে দিয়া ভাবুকি সন্দৰ্ভত কয় যে, ড’নাল্ড ট্ৰাম্পৰ এনে ভাবুকি দেশসমূহৰ সাৰ্বভৌমত্বত প্ৰত্যক্ষ হস্তক্ষেপ। বন্ধ ৰাষ্ট্ৰসমূহৰ ওপৰত মন্তব্য কৰাৰ সময়ত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট ‘ব্ৰিকছ’ৰ কথাও বিশেষভাৱে উল্লেখ কৰে। 

ৰাছিয়া আৰু ভাৰতৰ উপৰিও দহখন দেশৰ এই মিত্ৰজোঁটত চীন, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা, ইৰাণ, ইজিপ্ত, ইথিওপিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইণ্ডোনেছিয়া আছে। ৰাছিয়াৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞাৰ ভাবুকিক বৰ্তমানৰ ‘দুখজনক বাস্তৱ’ বুলি অভিহিত কৰিছে মস্কোৱে। 

ইয়াৰ ফলত সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰিছে যে আমেৰিকাই নিজৰ আধিপত্য বজাই ৰাখিবলৈ এই নতুন ঔপনিৱেশিক নীতিৰ সৈতে আগবাঢ়িছে। মস্কোৱে লগতে অভিযোগ কৰে যে আমেৰিকাই এই নীতি মানি নচলাসকলৰ ওপৰত ৰাজনৈতিক আৰু অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। 

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জাখাৰোভাই স্পষ্ট কৰি দিয়ে যে ৰাছিয়াই এই ‘অবৈধ একপক্ষীয় নিষেধাজ্ঞা’ প্ৰতিহত কৰিবলৈ বন্ধু ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবলৈ সাজু। 

ৰাছিয়া আমেৰিকা