/asomiyapratidin/media/media_files/2025/03/30/8RKSrggmfQ3GfafkJp9s.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ আলোচনা কৰি থকাৰ সময়তে এইবাৰ পুটিনৰ বিলাসী বাহনত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিলাসী বাহনত দেওবাৰে পুৱাৰ ভাগতে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। ৰাছিয়াৰ চোৰাংচোৱা সংস্থা এছ এছ বিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হয় এই ঘটনা।
অৱশ্যে বিস্ফোৰণৰ সময়ত উক্ত বাহনখনত নাছিল পুটিন। পুটিনৰ নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা উক্ত 'লিমোজিন' বাহনখন এই বিস্ফোৰণত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায়। উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনা সেই সময়ত সংঘটিত হৈছে যি সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুটিনক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।
দ্য চন নামৰ ৰাছিয়াৰ সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি, উক্ত বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত এছ এছ বিৰ মুখ্য কাৰ্যালয়ত এক বৈঠকত ব্যস্ত আছিল পুটিন। অৱশ্যে এতিয়ালৈকে এই বিস্ফোৰণ কিয় আৰু কেনেকৈ সংঘটিত হল তাৰ কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই ৰাছিয়াই। এই ঘটনা সংঘটিত হোৱাৰ পাছতে পুটিনৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে।