/asomiyapratidin/media/media_files/2025/07/30/new-ap-web-2-15-2025-07-30-09-13-27.jpg)
ডিজিটেল ডেস্কঃ এক প্ৰৱল ভূমিকম্পই জোকাঁৰি গল ৰাছিয়াক। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৮.৭। এই বৰ ভূমিকম্পত দেশখনত বহু ক্ষতিসাধন হোৱাৰ লগতে প্ৰচণ্ড ছুনামিৰ আগজাননী প্ৰদান কৰিছে প্ৰশাসনে।
ৰাছিয়াৰ উপৰিও জাপান আৰু আমেৰিকাতো প্ৰচণ্ড ছুনামি অহাৰ আগজাননী প্ৰদান কৰা হৈছে। ইতিমধ্যে দেশকেইখনৰ সাগৰীয় প্ৰান্তত বাস কৰা লোকসকলক উক্ত স্থানৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
বতৰ বিজ্ঞানীসকলে আগজাননী প্ৰদান কৰিছে যে, প্ৰায় ১৩ফুট উচ্চতালৈকে সাগৰীয় পানী ওপৰলৈ উঠি বিভীষিকাৰ সৃষ্টি কৰিব পাৰে। বিগত এটা দশকত ৰাছিয়াত এইটোৱে সবাতোকৈ ডাঙৰ ভূমিকম্প বুলি অভিত কৰা হৈছে।