ৰাছিয়াৰ সৈতে মধুৰ হৈছে পাকিস্তানৰ সম্পৰ্ক

ৰাছিয়াৰ-পাকিস্তানৰ মাজত বৈদেশিক সম্পৰ্ক দ্ৰুতগতিত উন্নত হৈছে। শেহতীয়াকৈ ৰাছিয়া আৰু পাকিস্তানে যৌথ নৌসেনাৰ অনুশীলন চলাইছিল, য’ত ৰাছিয়াৰ নৌসেনাৰ তিনিখন যুদ্ধজাহাজে অংশগ্ৰহণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
কৰাচীত ৰাছিয়াৰ নৌসেনাৰ জাহাজ

কৰাচীত ৰাছিয়াৰ নৌসেনাৰ জাহাজ

ডিজিটেল ডেস্ক: ৰাছিয়াৰ সৈতে মধুৰ হৈছে পাকিস্তানৰ সম্পৰ্ক। দুয়োদেশৰ মাজত বৈদেশিক সম্পৰ্ক দ্ৰুতগতিত উন্নত হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে ৰাছিয়াই পাকিস্তানৰ পৰা দূৰত্ব বজাই ৰাখিছিল। শেহতীয়াকৈ ৰাছিয়া আৰু পাকিস্তানে যৌথ নৌসেনাৰ অনুশীলন চলাইছিল, য’ত ৰাছিয়াৰ নৌসেনাৰ তিনিখন যুদ্ধজাহাজে অংশগ্ৰহণ কৰিছিল। আনকি বিগত বৰ্ষত দুয়োখন দেশে মালবাহী জাহাজৰ জৰিয়তে প্ৰত্যক্ষ বাণিজ্য আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও পাকিস্তানে ৰাছিয়াৰ পৰা সীমিত পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ক্ৰয় কৰিছে। পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে দুয়োখন দেশক অধিক ঘনিষ্ঠ হ’বলৈ বাধ্য কৰাইছে। এই খবৰে হয়তো উদ্বেগ বৃদ্ধি কৰিব ভাৰতৰ। 

Advertisment

উত্তৰ আৰব সাগৰত পাকিস্তান আৰু ৰাছিয়াৰ নৌসেনাই দ্বিপাক্ষিক নৌসেনাৰ অনুশীলন আৰব "মন্সুন-ষষ্ঠ" (monsoon-vi) সফলতাৰে পৰিচালনা কৰিছিল। এই অনুশীলনত পাকিস্তান নৌসেনাৰ এখন ডেষ্ট্ৰয়াৰ, এখন অফশ্ব’ৰ পেট্ৰ’ল ভেচেল, এখন ফাষ্ট এটেক ক্ৰাফ্ট (মিছাইল), এখন মেৰিটাইম পেট্ৰ’ল এয়াৰক্ৰাফ্ট আৰু এখন মানৱবিহীন বিমান (ইউএভি)কে ধৰি দুয়োখন নৌসেনাৰ কেইবাখনো যুদ্ধজাহাজ আৰু অন্যান্য সামৰিক শক্তি প্ৰদৰ্শন কৰিছিল।  অনুশীলনৰ সাগৰীয় পৰ্যায়ৰ পূৰ্বে ৰাছিয়াৰ নৌসেনাৰ জাহাজসমূহ কৰাচীত উপস্থিত হৈছিল। তাৰপাছতে অনুষ্ঠিত হয় কেইবাখনো বৈঠক।  বহুদিনৰ মূৰত ৰাছিয়াৰ যুদ্ধজাহাজ পাকিস্তানৰ পাৰত উপস্থিত হোৱাটো দুয়োখন দেশৰ মাজত সামৰিক সহযোগিতা বৃদ্ধিৰ লক্ষণ। ভাৰতৰ বন্ধুৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে চিৰবৈৰী পাকিস্তানৰ এনে বন্ধুত্বপূৰ্ণ সম্পৰ্কই উদ্বেগ বৃদ্ধি কৰিব ভাৰতৰ। 

russia pakistan