/asomiyapratidin/media/media_files/2025/07/05/yhyh-2025-07-05-08-41-08.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়াই বৃহস্পতিবাৰে নিশাৰ পৰা শুকুৰবাৰে পুৱাৰ ভাগলৈকে ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ইতিহাসৰ সবাতোকৈ বৃহৎ ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়। ইউক্ৰেইনৰ বিমান বাহিনীৰ মতে, ৰাছিয়াই মুঠ ৫৫০ টা ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল, য’ত ৫৩৯ টা আছিল শ্বাহেদ ধৰণৰ কামিকাজে ড্ৰ’ন আৰু অন্যান্য ডেকয় ড্ৰ’ন আৰু ১১ টা বেলিষ্টিক আৰু ক্ৰুজ মিছাইল আছিল।
এই আক্ৰমণত কীভত কমেও ২৩ জন লোক আহত হয়। কীভৰ মেয়ৰ ভিটালি ক্লিটচক’ই জানিবলৈ দিয়া মতে এই আক্ৰমণত ৫ খন জিলাৰ ব্যাপক ক্ষতি হৈছে। এই আক্ৰমণৰ ফলত কীভৰ আৱাসিক ভৱন, ৰে'লৱে কাঠামো আৰু বাণিজ্যিকস্থলীৰ ব্যাপক ক্ষতি হৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ৰে'লৱে অপাৰেটৰ উক্ৰজালিজনিটছিয়াই জানিবলৈ দিছে যে ড্ৰ’ন আক্ৰমণৰ ফলত কীভৰ ৰে'লৱে কাঠামো ক্ষতিগ্ৰস্ত হয়, যাৰ বাবে কিছু যাত্ৰীবাহী ৰে'লৰ সময়সূচী দুঘণ্টালৈ বিলম্ব হয়। ইউক্ৰেইনৰ বিমান প্ৰতিৰক্ষা বাহিনীয়ে ৫৩৯ টা ড্ৰ’নৰ ভিতৰত ২৭০ টা লক্ষ্য ধ্বংস কৰা বুলি দাবী কৰিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনছকিৰ কাৰ্যালয়ৰ উপদেষ্টা মিখাইল’ পড’লিয়াকে কয় যে পুটিনে এই আক্ৰমণৰ জৰিয়তে ট্ৰাম্পক “জনসাধাৰণৰ সন্মুখত অপমান” কৰিবলৈ চেষ্টা কৰিছে। কীভৰ বাসিন্দা জ’ছেফ হাইম ৰোচেৰ মতে, শ্বাহেদ ড্ৰ’নবোৰ পূৰ্বতকৈ অধিকসংখ্যক আৰু ধ্বংসাত্মক হৈ পৰিছে।
তেওঁ কয়, “আমি এতিয়া ড্ৰ’ন আক্ৰমণৰ সময়তো আশ্ৰয় ল’বলৈ বাধ্য হৈছোঁ, কিয়নো সকলোৱে কিছু পৰিমাণে ভয়ত আছে।” আক্ৰমণৰ ফলত কীভৰ ভিদ্ৰাডনি এভিনিউত এটা এপাৰ্টমেণ্ট ভৱনত অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল। এগৰাকী শিক্ষয়িত্ৰী য়াৰ’ছ্লাভা চাভচেংক’ই কয়, “এইটো এটা ভয়ংকৰ ৰাতি আছিল। ড্ৰ’নবোৰ ক’ত পৰিব কোনেও নাজানে।”
ৰাছিয়াৰ এই আক্ৰমণৰ সময়ত ইউক্ৰেইনৰ ড্ৰ’নেও ৰাছিয়াৰ দুটা প্ৰতিৰক্ষা -সম্পৰ্কীয় ব্যৱস্থাত আক্ৰমণ চলাইছিল। ৰষ্ট’ভ অঞ্চলৰ আজ’ভ অপটিকেল এণ্ড মেকানিকেল প্লাণ্ট আৰু মস্কোৰ ওচৰৰ ছাৰ্গিয়েভ প’ছাডত থকা গৱেষণা প্ৰতিষ্ঠানত এই আক্ৰমণৰ ফলত শ্বাহেদ ড্ৰ’নৰ বাবে ব্যৱহৃত সামগ্ৰীৰ উৎপাদন কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে।