জ্বলিব লাইট, চলিব ফেন : ৰুছ- চীনে চন্দ্ৰত সাজিব পৰমাণু বিদ্যুৎ কেন্দ্ৰ

”ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে/ চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে...।।” চন্দ্ৰত এতিয়া মানুহ যোৱাই নহয়, তাতোকৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰুছ আৰু চীনে। জোনবাইৰ বুকুত ঘৰ সাজিবলৈ ওলাইছে দুয়োখন দেশে।

author-image
Asomiya Pratidin
New Update
ৰুছ- চীনে চন্দ্ৰত সাজিব পৰমাণু বিদ্যুৎ কেন্দ্ৰ

ৰুছ- চীনে চন্দ্ৰত সাজিব পৰমাণু বিদ্যুৎ কেন্দ্ৰ

ডিজিটেল ডেস্ক : ”ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে/ চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে...।।” চন্দ্ৰত এতিয়া মানুহ যোৱাই নহয়, তাতোকৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰুছ আৰু চীনে। জোনবাইৰ বুকুত ঘৰ সাজিবলৈ ওলাইছে দুয়োখন দেশে।

চন্দ্ৰত ঘাটি স্থাপনৰ দিশে অগ্ৰসৰ হৈছে চীন আৰু ৰাছিয়া। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোত উভয় দেশৰ যুটীয়া প্ৰচেষ্টাত এইবাৰ পৰমাণু বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে এক পদক্ষেপ লোৱা হৈছে। 

সকলো ঠিকে- ঠাকে থাকিলে অহা ১০ বছৰৰ ভিতৰত দুয়োখন দেশে জোনবাইত পৰমাণু বিদ্যুৎ কেন্দ্ৰ সাজি উলিয়াব। ইয়াৰ লগতে জোনবাইত আধিপত্য স্থাপনৰ পিচত দুয়োখন দেশে আমেৰিকাকো চেৰ পেলাব।

উল্লেখযোগ্য যে, চলিত মাহতে এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হয়। ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞান সংস্থা আৰু চীনৰ চাইন নেচনেল স্পেচ এডমিনিষ্ট্ৰেচনে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

২০৩৫ চনৰ ভিতৰত চন্দ্ৰত পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটি নিৰ্মাণ হৈ উঠিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত জোনবাইৰ বুকুতো জ্বলিব লাইট, চলিব ফেন আৰু ফ্ৰীজ। হয়তো এনেদৰেই এটা সময়ত এখন ঘৰ সাজিব পৰা যাব জোনবাইৰ বুকুত !

ৰাছিয়া