Advertisment

এটা- দুটা নহয় : দেউলীয়া হোৱাৰ দিশে ৩০টা বিমান কোম্পানী

বিগত ৩বছৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অৱ্যাহত আছে যুদ্ধ। উভয় দেশে পৰস্পৰৰ বিৰুদ্ধে প্ৰবল আক্ৰমণ অৱ্যাহত ৰাখিছে। পিচে ইউক্ৰেইনৰ বিৰুদ্ধে কৰা যুদ্ধৰ পৰিণাম ভুগিছে ৰাছিয়াই।

author-image
Asomiya Pratidin
New Update
Russian airlines

ডিজিটেল ডেস্ক : বিগত ৩বছৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অৱ্যাহত আছে যুদ্ধ। উভয় দেশে পৰস্পৰৰ বিৰুদ্ধে প্ৰবল আক্ৰমণ অৱ্যাহত ৰাখিছে। পিচে ইউক্ৰেইনৰ বিৰুদ্ধে কৰা যুদ্ধৰ পৰিণাম ভুগিছে ৰাছিয়াই।

Advertisment

কিয়নো যুদ্ধ দীঘলীয়া হোৱাৰ ফলত ৰাছিয়াৰ বিমান উদ্যোগ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। জানিব পৰা মতে এই যুদ্ধৰ ফলত ৰাছিয়াৰ ৩০টা বিমান কোম্পানী দেউলীয়া হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

এই ৩০টা বিমান কোম্পানীয়ে ৰাছিয়াৰ মুঠ বিমান যাত্ৰীৰ ২৫ শতাংশ ভৰ বহন কৰি আহিছে। পিচে যুদ্ধৰ বাবে বিমান সেৱা প্ৰায় স্থৱিৰ হৈ পৰাত অহা বৰ্ষলৈ এই ৩০টা বিমান কোম্পানী দেউলীয়া হোৱাটো নিশ্চিত হৈ পৰিছে।

ৰাছিয়া-ইউক্ৰেইন