২৪ঘন্টাৰ ভিতৰত শিক্ষাৰ বাবে চহৰীয়া মানুহে দিয়ে ৮৭ মিনিট, গ্ৰামাঞ্চলৰ মানুহে ৯০মিনিট...

শিক্ষাৰ ক্ষেত্ৰত দেশত নগৰাঞ্চলতকৈ গ্ৰামাঞ্চলত অধিক সময় খৰছ কৰে। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।  পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (MoSPI) প্ৰকাশ কৰা

author-image
Asomiya Pratidin
New Update
okos

ডিজিটেল ডেস্কঃ  শিক্ষাৰ ক্ষেত্ৰত দেশত নগৰাঞ্চলতকৈ গ্ৰামাঞ্চলত অধিক সময় খৰছ কৰে। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।  পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (MoSPI) প্ৰকাশ কৰা এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে,  ২০২৪ চনত ভাৰতৰ চহৰ অঞ্চলৰ লোকসকলতকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলে “শিক্ষণ কাৰ্য্যকলাপ”ত অধিক সময় খৰচ কৰিছিল।

Advertisment
অধ্যয়নটোৱে এইটোও প্ৰকাশ কৰিছে যে যোৱা পাঁচ বছৰত মহিলাসকলে পুৰুষৰ সৈতে থকা ব্যৱধান  কমিছে। আগতকৈ এতিয়া মহিলাসকলে এতিয়া “শিক্ষণ কাৰ্য্যকলাপ”ত অধিক সময় খৰচ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এই শিক্ষণ কাৰ্য্যকলাপত আনুষ্ঠানিক শিক্ষাৰ বাবে ব্যয় কৰা সময় অন্তৰ্ভুক্ত কৰা হয় য’ত বিদ্যালয়/বিশ্ববিদ্যালয়ত উপস্থিতি, পাঠ্যক্ৰমৰ বাহিৰৰ কাম, ঘৰুৱা কাম আদি জড়িত হৈ থাকে। ইয়াৰ উপৰিও শিক্ষণৰ সৈতে জড়িত ভ্ৰমণৰ সময়ো অন্তৰ্ভুক্ত কৰা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,   “শিক্ষণ কাৰ্য্যকলাপ”ত ব্যয় কৰা সময় ২০১৯ চনৰ তুলনাত ২০২৪ চনত চহৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে হ্ৰাস পাইছে।  তথ্য অনুসৰি ২০২৪ চনত চহৰ অঞ্চলৰ লোকসকলে দিনটোত ৮৭ মিনিট সময় “শিক্ষণ”ত ব্যয় কৰিছিল। এই সংখ্যা ২০১৯ চনত আছিল ৯৫ মিনিট । বৰ্তমান গ্ৰাম্য অঞ্চলত মানুহে ৯০ মিনিট সময় খৰচ কৰে,  ২০১৯ চনত এই পৰিমাণ আছিল ৯২ মিনিট। 
ভাৰত