ৰূপহীহাটৰ গড়াজানত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ…

ৰূপহীহাটৰ গড়াজানত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ৰূপহীহাটৰ গড়াজানত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংৱাদ ৰূপহীহাট: নগাওঁ জিলাৰ সংখ্যালঘু অধ্যুষিত সমষ্টি ৰূপহীহাটত প্ৰায় কেইবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল, ধন, ইউনিফৰ্মৰ কেলেংকাৰী,বিদ্যালয়ৰ বিভিন্ন আঁচনি ৰূপায়নত খেলিমেলি ইত্যাদি খৱৰে নিতৌ বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ মাজতে মঙ্গল বাৰে লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গড়াজান পুৱ আমৰাকান্ধা মধ্য ইংৰাজী মাদ্ৰাছাত ছাত্ৰ ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যালয় খনৰ প্ৰধান শিক্ষক জিয়াউল হকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি এছএমচি কমিটি, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।তেওঁলোকে দাবী কৰে যে
প্ৰধান শিক্ষক জিয়াউল হক ৬ মাহ ধৰি বিদ্যালয়ত অনুপস্থিত থকাৰ লগতে ছাত্ৰ ছাত্ৰীক ৬ মাহ ধৰি মধ্যাহ্ন ভোজন বন্ধ কৰি ধন , চাউল আত্মসাৎ কৰিছে। লগতে তেওঁলোকে কয় যে প্ৰধান শিক্ষক গৰাকীয়ে নিজ ইচ্ছা মতে নিজ ঘৰতে বহি শিক্ষা বিষয়াক মেনেজ কৰি চৰকাৰী দৰমহা লৈ আছে। ই কেতিয়াও গ্ৰহন যোগ্য হ'ব নোৱাবে৷
আনকি তেওঁ প্ৰধান শিক্ষক হোৱাৰ পিছৰ পৰা বৰ্তমানলৈকে এদিনো কোনো শ্ৰেণীত গৈ পাঠদান কৰা নাই । কেৱল সিমানেই নহয় তেওঁ সহকাৰী শিক্ষক সকলৰ লগতো প্ৰায়েই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে ৷ ইতিমধ্যে ৰাইজে এই জন প্ৰধান শিক্ষকৰ বিৰুদ্ধে সংশ্লিষ্ট বিষয়াক জনাইছে যদিও কোনো ব্যৱস্থা গ্ৰহন নকৰাত বিদ্যালয়তে উত্তাল প্ৰতিবাদ কৰি বিভাগে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে।