/asomiyapratidin/media/media_files/2025/03/17/7xFN1nkt3UNwG2uPmJJ8.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপনাথ বসুমতাৰী আৰু নাই। দেওবাৰে ৮৫ বছৰ বয়সত বেংতলৰ বান্ধুগুৰী গাঁৱৰ নিজ বাসভৱনত বিয়লি ৩-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
উল্লেখযোগ্য যে, বেংতলৰ নিচিনা ভিতৰুৱা ঠাইৰ পৰা গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ পৰা কলা শাখাত সুখ্যাতিৰে স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি পৰবৰ্তী সময়ত জন্মস্থান বেংতলত উভতি আহি বৃহত্তৰ বেংতল অঞ্চলৰ ভবিষ্যত প্ৰজন্মৰ উচ্চ শিক্ষাৰ কথা চিন্তা কৰি জন্ম দিছিল বেংতল হাইস্কুল অধুনা বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। আৰু তেওঁ নিজে দায়িত্ব লৈছিল প্ৰধান শিক্ষকৰ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেওঁ বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰ পৰা প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি চৰকাৰী নিয়ম অনুসাৰে অৱসৰ গ্ৰহণ কৰিছিল । ৰূপনাথ বসুমতাৰী কেৱল শিক্ষাৰ সৈতেই জড়িত আছিল তেনেকুৱা নহয়, তেখেতৰ প্ৰচেষ্টাতে বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাথৌ ধৰ্মক ৰক্ষা আৰু বাথৌ ধৰ্মালম্বী বড়ো জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰিবলৈ তেখেতৰ প্ৰচেষ্টাত জন্ম হৈছিল দুলাৰাই বাথৌ গুথৌম ৰ দৰে ধৰ্মীয় সংগঠনৰ ।
এই সংগঠনৰো তেওঁ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিৰ্বাচিত হৈছিল । তদুপৰি তেওঁ বড়ো সাহিত্য সভা, এবছু আদিৰ দৰে বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ সৈতে জড়িত আছিল । তেখেত এগৰাকী লেখক আছিল, তেখেতে কেইবাটাও গ্ৰন্থ লিখি ছপা কৰি উলিয়াইছিল। যাৰ বাবে তেখেত বড়ো সাহিত্য সভাৰ পৰা সম্বৰ্ধিত হৈছিল ।
এনে এগৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বেংতল এলেকাত শোকৰ ছাঁ নামি পৰে । বহু আত্মীয় স্বজন, প্ৰাক্তন ছাত্ৰ, গুণমুগ্ধই আহি ঘৰত উপস্থিত হয় আৰু শেষ শ্ৰদ্ধা নিবেদন কৰে ।
ৰূপনাথ বসুমতাৰীৰ মৃত্যুত চিৰাং জিলা বড়ো সাহিত্য সভা, চিৰাং জিলা এবছু, চিৰাং জিলা দুলাৰাই বাথৌ গুথৌমৰ উপৰি বিভিন্ন দল সংগঠনৰ পৰা গভীৰ শোক প্রকাশ কৰে লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ উপৰি বোৱাৰী, জোঁৱায়েক, নাতি- নাতিনীৰ লগতে বহু গুণমুগ্ধক সংসাৰত এৰি থৈ যায় ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সোমবাৰে তেখেতৰ নশ্বৰ দেহ পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ।