ৰূপজ্যোতিয়ে সীমা চেৰাই গৈছিলঃ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী...

বিধানসভাত ৰূপজ্যেতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ প্রথম প্রতিক্রিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ। তেওঁ কয়-  ৰূপজ্যোতি কাণ্ডৰ পৰা শিক্ষা লওক সকলো বিধায়কে। কাইলৈৰ পৰা সুস্থিৰভাৱে সদন পৰিচালনা কৰাত সকলোৱে সহযোগ কৰক অধ্যক্ষক ।

author-image
Asomiya Pratidin
New Update
ruoss

ডিজিটেল সংবাদ, ওৰাংঃ বিধানসভাত ৰূপজ্যেতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ প্রথম প্রতিক্রিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ। তেওঁ কয়-  ৰূপজ্যোতি কাণ্ডৰ পৰা শিক্ষা লওক সকলো বিধায়কে। কাইলৈৰ পৰা সুস্থিৰভাৱে সদন পৰিচালনা কৰাত সকলোৱে সহযোগ কৰক অধ্যক্ষক ।

Advertisment

আনহাতে, বিধানসভাত অধ্যক্ষৰ নিৰপেক্ষতাক লৈ বিৰোধীয়ে কৰা প্রশ্নৰ উত্তৰত দৈমাৰীয়ে কয় যে- অটুত আছে বিধানসভাৰ অধ্যক্ষৰ নিৰপেক্ষতা। সকলো ক্ষেত্রত কোনোবাই কিবা বিচাৰিলে সকলো বিচৰা ধৰণে হব নোৱাৰে। ৰূপজ্যেতি কুৰ্মীৰ কাণ্ডই বিধানসভাৰ সকলো পৰিৱেশৰ সীমা চেৰাই গৈছে। দ্বিতীয়বাৰৰ পৰা যাতে সদনত এনে ঘটনা নহয় তাৰ বাবে সকলোকে সংযম হবলৈ আহ্বান দৈমাৰীৰ।

বিধানসভাত যাতে কাইলৈৰ পৰা কোনো বিধায়কে আঁকোৰগোজ স্থিতি নলয়। সকলো ক্ষেত্রত বিৰোধীক আঙুলিয়াই থাকিলেই নহব। শাসকীয় বিধায়কাৰো বহুখিনি কৰণীয় থাকে। 

ৰূপজ্যোতি কুৰ্মী