পুনৰ হ্ৰাস পালে টকাৰ মূল্য! ডলাৰৰ বিপৰীতে হ'লগৈ ৮২.৩৩

ডলাৰৰ বিপৰীতে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য।
পুনৰ হ্ৰাস পালে টকাৰ মূল্য! ডলাৰৰ বিপৰীতে হ'লগৈ ৮২.৩৩

ডিজিটেল ডেস্ক: ডলাৰৰ বিপৰীতে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য।শুকুৰবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাল ১৬ পইচাকৈ। ইয়াৰ পাছতেই ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ ৮২.৩৩ ।

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত, আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮২.১৯ ত মুকলি হয় আৰু ই পাছত ৮২.৩৩ লৈ হ্ৰাস পায়। অৰ্থাৎ ১৬ পইছা হ্ৰাস পালে।

বৃহস্পতিবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা প্ৰথমবাৰৰ বাবে ৮২ ৰ স্তৰত বন্ধ হৈছিল। তাৰ পাছতেই টকাৰ মূল্য ৫৫ পইচা হ্ৰাস হৈ ৮২.১৭ পাইছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in