অসম যুৱতী বহিঃৰাজ্যলৈ সৰবৰাহ! মূল অভিযুক্তক তেলেংগানাত গ্ৰেপ্তাৰ...

অৱশেষত গ্ৰেপ্তাৰ হ'ল  নাৰী সৰবৰাহ চক্ৰৰ মুল অভিযুক্ত কাছাৰৰ ৰূপালী দত্ত। ৰূপালী দত্তক শুকুৰবাৰে তেলেংগানাৰ হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। হায়দৰাবাদৰ ৰাংগাৰেড্ডি জিলাৰ নানাকামগুদাৰ পৰা  

author-image
Asomiya Pratidin
New Update
অৱশেষত গ্ৰেপ্তাৰ হ'ল  নাৰী সৰবৰাহ চক্ৰৰ মুল অভিযুক্ত কাছাৰৰ ৰূপালী দত্ত। ৰূপালী দত্তক শুকুৰবাৰে তেলেংগানাৰ হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। হায়দৰাবাদৰ ৰাংগাৰেড্ডি জিলাৰ নানাকামগুদাৰ পৰা  শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাৰী সৰবৰাহকাৰী মহিলা গৰাকীক। ধৃত মহিলা গৰাকীৰ নাম ৰূপালী দত্ত ।

ডিজিটেল সংবাদ শিলচৰ: অৱশেষত গ্ৰেপ্তাৰ হ'ল  নাৰী সৰবৰাহ চক্ৰৰ মুল অভিযুক্ত কাছাৰৰ ৰূপালী দত্ত। ৰূপালী দত্তক শুকুৰবাৰে তেলেংগানাৰ হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। হায়দৰাবাদৰ ৰাংগাৰেড্ডি জিলাৰ নানাকামগুদাৰ পৰা  শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাৰী সৰবৰাহকাৰী মহিলা গৰাকীক। ধৃত মহিলা গৰাকীৰ নাম ৰূপালী দত্ত ।

Advertisment

তেওঁৰ ঘৰ কাছাৰ জিলাৰ কালাইনৰ ব্ৰাহ্মণগ্ৰামত। উল্লেখযোগ্য যে যোৱা  মাৰ্চ মাহত কালাইনৰ গুমৰা চাহ বাগিচাৰ পৰা দুগৰাকী নাবালিকাক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে ৰাজস্থানত বিক্ৰী কৰাৰ অভিযোগ ৰূপালী দত্তৰ বিৰুদ্ধে।  এই গোচৰৰ তদন্ত কৰি কাছাৰ আৰক্ষীয়ে যোৱা ১০ মাৰ্চত নাবালিকা দুজনীক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিছিল। লগতে এগৰাকী নাবালিকাক বিয়া  কৰোৱা ৰাজস্থানৰ ৬০ বছৰীয়া লীলাৰাম নামৰ  এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে।

লীলাৰামক গ্ৰেপ্তাৰ কৰা হলেও নাবালিকা বিক্ৰীৰ সৈতে জড়িত মুল অভিযুক্ত এইগৰাকী ৰূপালী দত্ত আৰু   গংগা গঞ্জু নামৰ আন এগৰাকী মহিলা পলাতক আছিল ।  তেলেংগানাত আত্মগোপন কৰি থকা ৰূপালীক অৱশেষত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ইফালে, গ্ৰেপ্তাৰৰ পাচত শনিবাৰে আদালতত হাজিৰ কৰোৱা হয় ৰূপালী দত্তক। আদালতৰ অনুমতিত আৰক্ষীয়ে পাচ দিনৰ জিন্মাত নিয়ে ৰূপালী দত্তক।  আনহাতে,  নাৰী সৰবৰাহৰ সৈতে জৰিত অন্যতম  অভিযুক্ত গংগা গঞ্জু এতিয়াও পলাতক হৈ আছে।

কাছাৰ